ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো ম'হ যুঁজৰ প্ৰস্তুতি

নগাঁও – ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো ম’হ যুঁজৰ প্ৰস্তুতি। ম’হক শান্ত কৰাৰ বাবে পৰম্পৰাগত ম’হ যুঁজাৰ বাবে সাজু গুৱাল সকল। নগাঁৱৰ প্রান্তে প্রান্তে চলিছে ম’হ যুঁজৰ পূৰ্ণ প্ৰস্তুতি।

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুটি পদুলি মুখত। ভোগালীক আদৰিবলৈ প্ৰস্তুত ৰাজ্যবাসী। গ্রামঞ্চলৰ সমান্তৰালে নগৰ সমূহত ৰাইজ ব্যস্ত ভোগালী উদযাপনৰ বাবে। গ্রামঞ্চলত ভেলাঘৰ নিৰ্মাণ আৰু ঢেকিৰ গুমগুমনিৰ সমান্তৰালকৈ গুৱাল সকলৰো ব্যস্ততাৰ অন্ত নাই।

ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো পৰম্পৰা অক্ষুন্ন ৰাখি ম’হক শান্ত কৰাৰ বাবে ম’হ যুঁজাবলৈ সাজু হৈছে গুৱাল সকল। মাঘত নিজৰ ম’হটোক এপাক যুঁজাবলৈ প্ৰস্তুতি চলাইছে গুৱাল সকলে। কেৱল যুঁজাবলৈ নিজৰ ম’হটোক সযতনে প্ৰতিপালন কৰা দেখিবলৈ পোৱা গৈছে গ্রামঞ্চল সমূহত।

গুৱালা সকলে নিজ নিজ ম’হক দূৰ দূৰনিৰ পৰা আনি খুৱাইছে দল ঘাঁহ, পুৱা গধুলি গা ধুৱাই নিৰোগী কৰি ৰাখিছে ম’হক। তাৰোপৰি যুঁজাৰু ম’হটোক বিভিন্ন ধৰণে দিছে যুঁজৰ প্ৰশিক্ষণ। গুৱাল সকলে ম’হটো যাতে যুজঁত ভাগৰি নাযায় তাৰ বাবে নিতৌ দৌৰাই, কলগছ কিম্বা ওখ মাটিৰ লগত দিছে যুঁজৰ প্ৰশিক্ষণ।

গুৱালৰ লগত হাত উজান দিছে স্থানীয় ৰাইজেও। মুঠৰ ওপৰত নিজৰ ম’হটোক যুজঁত জিকাবলৈ প্ৰতিজন ম’হ গুৱালেই কঁকালত বান্ধিছে টঙালি। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত গুৱাল সকল ইতিমধ্যে ম’হ যুঁজৰ বাবে সম্পূৰ্ণ কৰি তুলিছে সকলো প্ৰস্তুতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply