শুৱালকুছি- ভিন্ন ৰঙী সাংস্কৃতিক অনুষ্ঠানেৰে ২০২১ বৰ্ষৰ প্ৰথম দিনটোতেই উলহ মালহেৰে পালন কৰা হয় শুৱালকুছি উৎসৱ। ইংৰাজী নৱবৰ্ষত অসমীয়া সংস্কৃতিক প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হয় এই ব্যতিক্ৰমী অনুষ্ঠানটিত। শুৱালকুছি নটৰাজ কলাকেন্দ্ৰৰ উদ্যোগত আৰু মহাবাহু ফাউণ্ডেচনৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
নটৰাজ কলাকেন্দ্ৰৰ নতুন, পুৰণি ছাত্ৰ-ছাত্ৰীসকলে সাজি উলিওৱা হাতেসজা সামগ্ৰীৰ লগতে তেওঁলোকে অকংণ কৰা বিভিন্ন ধৰণৰ চিত্ৰ সমুহৰ এখনি প্ৰদৰ্শনীও এই অনুষ্ঠানৰ অংগ হিচাবে দেখিবলৈ পোৱা যায়।ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নানা ৰঙীন অসমীয়া সংস্কৃতিৰ অনুষ্ঠান সমূহে দৰ্শকৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।
সংস্কৃতি, কৰ্ম আৰু শিক্ষাৰ মিলনভূমি শুৱালকুছিৰ বিশ্ব বিখ্যাত বস্ত্ৰ শিল্পক সুন্দৰ ৰূপে প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত। লগতে শুৱালকুছি উৎসৱত স্থানীয় ৰাইজৰ লগতে বিভিন্নজন সাংস্কৃতিক কৰ্মী আৰু স্থানীয় দল সংগঠনসমূহৰ সদস্যসকল উপস্থিত থাকে। প্ৰধানকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু সাংস্কৃতিক বিকাশৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়।