গুৱাহাটী – চৰকাৰী ধনেৰে অসমত চলি থকা মাদ্রাছাসমূহ বন্ধ কৰি দিয়া হ’ব। অসম চৰকাৰে গ্ৰহণ কৰা এনে এক সিদ্ধান্তই এতিয়া সৰ্বত্ৰে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ মুছলমান সমাজে মাদ্রাছাসমূহ বন্ধ কৰাৰ তীব্র বিৰোধিতা কৰিছে। আনকি অসমৰ দৰেই চৰকাৰী মাদ্রাছাসমূহ বন্ধ কৰাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত ৰাজহুৱাকৈ দাবী উত্থাপন হোৱাৰ কথাও পোহৰলৈ আহিছে। সৰ্বত্ৰে এই বাতৰি প্রকাশ পোৱাৰ পাছত বাংলাদেশ, পাকিস্তান আদি দেশৰ মুছলমান সংগঠনসমূহ গৰজি উঠিছে৷
কালি শিৱসাগৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কয় যে নৱেম্বৰ মাহত মাদ্ৰাছাসমূহ বন্ধ হ’বই।
ৰাজ্য চৰকাৰে কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়াবলৈ খৰচ কৰিব নোৱাৰো। মাদ্ৰাছা খুলিবলৈ দিলে সাংস্কৃতিক টোল, বৈদিক টোলো খুলিব লাগিব, তেওঁ কয়।
উল্লেখ্য যে জমিয়ত উলেমা ইছলাম বাংলাদেশ নামৰ সংগঠনটোৱে প্রকাশ কৰিছে যে ভাৰতৰ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ মুছলমান বিদ্বেষী পদক্ষেপৰ এক অংশ হিচাপেই অসমৰ চৰকাৰী মাদ্রাছাসমূহ বন্ধৰ নির্দেশ দিয়া হৈছে৷ আৰম্ভণিৰে পৰাই বিজেপি চৰকাৰে ভাৰতক মুছলমানশূন্য কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে প্রকাশ কৰিছে যে ভাৰতত মুছলমানসকলৰ ওপৰত আক্রমণ, গোচৰ, নির্যাতন আদি শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে৷ আনহাতে মাদ্রাছাসমূহত সুস্থ সমাজ গঢ়া শিক্ষা দিয়া হয় বুলি মত ব্যক্ত কৰি সংগঠনটোৱে অসমত মাদ্রাছাসমূহ বন্ধ নকৰিবলৈকো দাবী তুলিছে৷
ইয়াৰ বিপৰীতে মহাৰাষ্ট্র আৰু উত্তৰ প্রদেশতো অসমৰ দৰেই চৰকাৰী মাদ্রাছাসমূহ বন্ধ কৰাৰ দাবী উত্থাপন হৈছে৷ অৱশ্যে কংগ্রেছকে ধৰি দেশৰ প্রায় সকলো বিৰোধী দলৰ লগতে জমিয়ত ই ইছলামীয়া হিন্দ, অল ইণ্ডিয়া মুছলমান পার্ছনেল ল ব’র্ড আদি মুছলমান সংগঠনে অসম চৰকাৰৰ বিৰুদ্ধে থিয় দিছে৷ আনকি সমাজবাদী দলে অসম চৰকাৰে ধন নিদিলেও মুছলমানসকলে মাদ্রাছা চলাই যাব বুলি মত প্রকাশ কৰিছে৷
এক সূত্রই প্রকাশ যে, চৰকাৰী ধনেৰে চলি থকা মাদ্রাছাসমূহ বন্ধ কৰাৰ বাবে কেইবাখনো ৰাজ্যই পূর্বতেই চিন্তা-চর্চা কৰিছিল যদিও কোনো এখন ৰাজ্য চৰকাৰেই এনে এক জটিল সিদ্ধান্ত গ্রহণ কৰাৰ বাবে সাহস কৰিব পৰা নাছিল৷ কিয়নো এনে সিদ্ধান্ত লোৱাৰ ফলত আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ হোৱাৰ শংকা হৈছিল৷ কিন্তু অসম চৰকাৰে দেশৰ লগতে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন দল-সংগঠনৰ বিৰোধিতাৰ পাছতো চৰকাৰী মাদ্রাছাসমূহ বন্ধ কৰিবলৈ সাহসী সিদ্ধান্ত লোৱাৰ পাছতেই এতিয়া দেশজুৰি অসমৰ নাম চর্চালৈ আহিছে৷ আনকি আন আন ৰাজ্যসমূহেও এতিয়া চৰকাৰী মাদ্রাছা বন্ধ কৰাৰ ক্ষেত্রত অসমক মডেল হিচাপে লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷