তেজপুৰ – তেজপুৰত সংঘটিৰ হৈছে এক চাঞ্চল্যৰ ঘটনা। এগৰাকী নৱ বিবাহিতা মহিলাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা তেজপুৰত। নৱ বিবাহিতা মহিলা গৰাকীৰ স্বামীৰ ভগ্নীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মহিলা গৰাকীক। সংকটজনক অৱস্থাত মহিলা গৰাকী চিকিৎসালয়ত ভৰ্তি।
তেজপুত মঙলাবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চেষ্টা চলোৱাৰ ঘটনা। এগৰাকী নৱ বিবাহিতা মহিলাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় মহিলা গৰাকীৰ স্বামীৰ ভগ্নীয়ে। তেজপুৰৰ বেছেৰীয়াৰ আলিকাষত পুৱাৰ ভাগত লক্ষীমণি বৰা নামৰ এইগৰাকী নৱ বিবাহিতা মহিলাক স্বামীৰ ভগ্নী নৱনীতা কলিতাই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়৷ ঘটনা সংঘটিত হোৱা সময়ত মহিলা গৰাকীৰ স্বামী কুকিল কলিতা ঘৰত উপস্থিত নাছিল।
কুকিল কলিতাৰ ভগ্নী নৱনীতা কলিতাই পিছফালৰ পৰা লক্ষীমণি বৰাৰ মুৰত চোকা অস্ত্ৰৰে ঘাপ দিয়াত সংকটজনক অৱস্থাত লক্ষীমণি বৰাক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ সেই সময়তে চিকিৎসালয়ত উপস্থিত হয় পৰ্বতীয়া মইনাচুবুৰীৰ লক্ষীমণি বৰাৰ আত্মীয়ৰ একাংশ লোক আৰু মহিলা৷ লক্ষীমণি বৰাৰ আত্মীয় সকলৰ লগত অহা মহিলা সকলে চিকিৎসালয়ত উপস্থিত হৈ এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে৷
মহিলা সকলে লক্ষীমণি বৰাৰ স্বামী কুকিল কলিতাক চিকিৎসালয়তে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে৷ পিছত সংকটজনক অৱস্থাত থকা লক্ষীমণি বৰাই স্বামীক সাৱতি ধৰি ৰক্ষা কৰে মহিলা সকলৰ প্ৰাহাৰৰ পৰা৷ ইফালে লক্ষীমণি বৰাৰ আত্মীয় সকলে অভিযোগ কৰে যে যৌতুকৰ বাবেই লক্ষীমণি বৰাক এইদৰে হত্যাৰ চেষ্টা চলোৱা হৈছে। লক্ষীমণি বৰাৰ আত্মীয় সকলে অভিযোগ কৰে যে কুকিল কলিতাৰ নিৰ্দেশতেই ভগ্নী নৱনীতা কলিতাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লক্ষীমণি বৰাক হত্যাৰ চেষ্টা চলাইছে।