নিউজ ডেস্ক: নিৰ্বাচনৰ পূৰ্বে পডুছেৰীৰ কংগ্ৰেছ আৰু ডিএম কে দলৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে | অহা মে মাহৰ ভিতৰত নতুন চৰকাৰৰ বাবে নিৰ্বাচন হোৱাৰ প্ৰকমূহুৰ্তত ভি নাৰায়নস্বামী নেতৃত্বাধীন চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে | ৩৩ জনীয়া পডুছেৰী বিধানসভাত বৰ্তমান ২৮ জন নিৰ্বাচিত বিধায়ক আৰু তিনিজন মনোনীত বিধায়ক আছে |
ইয়াৰে ১৪ জনে এআইএডিএমকে আৰু বিজেপি দলৰ সমৰ্থনত বিৰোধীৰ আসনত আছে | মঙলবাৰে কংগ্ৰেছৰ জন কুমাৰে পদত্যাগ কৰাত শাসকীয় দলৰ সমৰ্থনত ১০ জন কংগ্ৰেছৰ আৰু তিনিজন ডিএমকে দলৰ বিধায়ক আছে | আনহাতে তিনিজন মনোনীত বিধায়কেও সমৰ্থন কৰিছে বিজেপিৰ পক্ষত | বিৰোধীয়ে বিধানসভাৰ মজিয়াত শক্তিপৰীক্ষা কৰিবলৈ দাবী জনাইছে |