বিশ্বনাথ – পথ দুর্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি সামূহিক ভাগৱত পাঠ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ কামনাৰে বিশ্বনাথত সামূহিক ভাগৱত পাঠ। তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে এই সামূহিক ভাগৱত পাঠত।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু বিশ্ব শান্তিৰ কামনাৰে বিশ্বনাথ চাৰিআলিৰ নামবাঘমৰা আৰু কোবাইগড়া গাঁৱৰ মধ্যস্থল তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শুকুৰবাৰে সামূহিকভাৱে ভাগৱত পাঠৰ আয়োজন কৰা হয়। প্ৰায় তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰা এই ভাগৱত পাঠৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে বয়োজেষ্ঠ তথা সমাজকৰ্মী পদুৰাম হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মহেন্দ্ৰ বৰাই।
নামবাঘমৰা, কোবাইগড়া, সামৰিখোৱা, মাজবাঘমৰা আৰু বুঢ়ীগাং গাঁৱৰ ভক্ত প্ৰাণ ৰাইজৰ সহযোগত এক ভাগৱত শোভাযাত্ৰাও উলিওৱা হয়। ভাগৱত পাঠত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে জগত বনিয়া আৰু দিলীপ বৰুৱা। আনহাতে পাঁচজন পাঠেকে ভাগৱত ভাগ পাঠ কৰে।
উল্লেখ্য যে বিশ্বনাথ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই পথ দুর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। বিগত কিছুদিনত বিশ্বনাথত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবাটাও ভয়াবহ পথ দুর্ঘটনা সংঘটিত হৈছে। পথ দুর্ঘটনাত সমূহত কেইবাজনো লোক নিহত হৈছে।