গুৱাহাটী- পথ দুর্ঘটনা ৰোধ কৰাৰ ক্ষেত্রত সষ্টম কামৰূপ মহানগৰ জিলা প্ৰশাসন। সোমবাৰে এই সন্দৰ্ভত জিলা উপায়ুক্তৰ কার্যালয়ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত মহানগৰ জিলা পথ সুৰক্ষা কমিটীৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয় ৷ এই সভাত পথ দুর্ঘটনা ৰোধ কৰাৰ ক্ষেত্রত জিলা প্রশাসন, আৰক্ষী, পৰিবহণ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আদি সংশ্লিষ্ট বিভাগসমূহে গ্রহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় ৷ বৈঠকত উপায়ুক্ত বিশ্বজিৎ পেগুৱে মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পথ দুর্ঘটনাৰ কাৰণসমূহ সঠিকভাৱে বিশ্লেষণ কৰি তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷
চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ মহানগৰীত সংঘটিত ৬১৫টা পথ দুর্ঘটনাত ১৮৯গৰাকী লোকে প্রাণ হেৰুৱাব লগা হৈছে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে পথ দুর্ঘটনা ৰোধৰ বাবে কার্যকৰী ব্যৱস্থা ল’বলৈ জৰীপ চলাই পৰিকল্পনা প্রস্তুত কৰিবলৈ জিলা পৰিবহণ বিষয়াক নির্দেশ দিয়ে ৷ যান–বাহন আইন উলংঘা কৰি মহানগৰীত চলাচল কৰা গাড়ীচালকৰ বিৰুদ্ধে বিভাগসমূহক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে ৷
সুৰাপায়ী চালকৰ লগতে লাইচেন্স নথকা ১৮ বছৰৰ তলৰ আইন উলংঘাকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ পৰিবহণ বিষয়াক উপায়ুক্ত পেগুৱে নির্দেশ দিয়ে৷ সভাত মহানগৰীত চলাচল কৰা ই–ৰিক্সাৰ বাবে প্রয়োজনীয় সংযোগী পথসমূহ নির্দিষ্ট কৰিবলৈ পৰিবহণ বিষয়াক নির্দেশ দিয়ে৷ পথ দুর্ঘটনা ৰোধৰ বাবে ছিগনেল লাইট, গতিৰোধক আৰু উপযুক্ত পোহৰৰ ব্যৱস্থাকে আদি কৰি অন্যান্য সতর্কতামূলক ব্যৱস্থাৱলী কার্যকৰী কৰিবলৈ উপায়ুক্তই নির্দেশ জাৰি কৰে৷ সভাত জিলা পৰিবহণ বিষয়া গৌতম দাস, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে৷