শিৱসাগৰ– সামান্য এক দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়ে শিৱসাগৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। আছু কৰ্মী উঠি অহা এখন বাহনত এজন অসামৰিক পোছাকত গাড়ী চলাই অহা আৰক্ষী বিষয়াৰ গাড়ীৰ সৈতে সংঘৰ্ষৰ পিছতেই দুই পক্ষৰ মাজত সংঘটিত হয় হতাহতি।

আৰক্ষীৰ বিষয়া গৰাকীয়ে নিজকে আৰক্ষীৰ লোক বুলি ভাবুকি দিয়াৰ পিছতেই সংঘটিত হয় দুই পক্ষৰ মাজত হতাহতি ।
ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ দুজন আছু কৰ্মী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ শইকীয়া আৰু ইংতিৰাজক আটক কৰে ।
আছু কৰ্মী সকলে কৰা অভিযোগ অনুসৰি অসামৰিক পোছাকত অহা আৰক্ষী বিষয়া বাহাৰুল ইছলামে আছু কৰ্মী কেইজনক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে ভাবুকি দিয়াৰ অভিযোগ উঠিছে।
ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে বাহাৰুল ইছলামে চলাই অহা এএচ ০৪ এচ ১৯২৯ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী খন জব্দ কৰাৰ লগতে আছু কৰ্মী সকল উঠি অহা এএচ ০৪ কিউ ৫৪৫৮ নম্বৰৰ ইনভা গাড়ী খন জব্দ কৰে ।
আনহাতে দুই আছু কৰ্মীক আটক কৰাৰ বাতৰি বিয়পি পৰাৰ পিছতেই শিৱসাগৰ সদৰ থানাত শ শ আছুকৰ্মীয়ে অৱস্থান কৰে । ৷ঘটনাটোক লৈ সমগ্ৰ শিৱসাগৰ চহৰতেই উত্তেজনাৰ সৃষ্টি কৰিছে ৷