পথ দুৰ্ঘটনাত চিআইএচএফৰ জোৱানসহ নিহত দুজন যুৱক

বঙাইগাঁও – পথ দুৰ্ঘটনাত চিআইএচএফৰ জোৱানসহ নিহত দুজন যুৱক। বঙাইগাঁও জিলাৰ অভয়াপুৰীত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক। নিহত যুৱক দুজনৰ ভিতৰত এজন চিআইএচএফৰ জোৱান। দুর্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। সোণাখুলী পাহাৰৰ সমীপত সংঘটিত বাইক দুৰ্ঘটনাত নিহত হয় দুজনকৈ যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই বাইকখন বাঁহনিৰ মাজত সোমাই পৰাত দুয়োজন বাইক আৰোহীৰ কৰুণ মৃত্যু ঘটে।

দুর্ঘটনাত নিহত হোৱা বাইক আৰোহী দুজন হ’ল ৰত্নেশ্বৰ ৰায় আৰু মনোজ ৰায়। ইয়াৰে ৰত্নেশ্বৰ ৰায় চিআইএচ এফৰ জোৱান৷ বিহুৰ উপলক্ষে ৰত্নেশ্বৰ ৰায় ঘৰলৈ ছুটীত আহিছিল। শুকুৰবাৰে পুৱাৰ ভাগত দুয়োকে মৃত অৱস্থাত পথচাৰীয়ে প্ৰত্যক্ষ কৰে।

মৃত দুয়োৰে ঘৰ সোণাখুলীত বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। দুর্ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply