প্ৰধানমন্ত্ৰী পথৰ কাষৰ বিক্ৰেতাৰ আত্মনিৰ্ভৰ নিধি(পিএম স্বনিধি)যোজনাৰ অংশ হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ শীৰ্ষস্থানীয় ফুড অৰ্ডাৰ আৰু ডেলিভাৰী প্লেটফৰ্ম ছুইগীৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। পথৰ কাষৰ খাদ্য বিক্ৰেতাসকলক অনলাইন মাধ্যমত ই-বাণিজ্য মঞ্চৰ অধীনলৈ অনাৰ বাবে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত পথৰ কাষৰ খাদ্য বিক্ৰেতাসকলৰ পৰা হাজাৰ হাজাৰ গ্ৰাহকে অনলাইনৰ জৰিয়তে খাদ্য কিনাৰ সুযোগ লাভ কৰিব আৰু বিক্ৰেতাসকলৰ ব্যৱসায় বৃদ্ধিত বিশেষ সহায় কৰিব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ আৰু ছুইগী কৰ্মকৰ্তাসকলৰ উপস্থিতিত মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী সঞ্জয় কুমাৰ আৰু ছুইগীৰ মুখ্য বিত্ত বিষয়া শ্ৰী ৰাহুল বোথ্ৰাই ৱেবিনাৰৰ মাধ্যমেৰে এই বুজাবুজি পত্ৰ বিনিময় কৰে। আহমেদাবাদ, চেন্নাই, দিল্লী, ইণ্ডোৰ আৰু বাৰাণসীৰ পৌৰ কমিশ্যনাৰসকলেও ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এই অনুষ্ঠানত অংশ লয়।

কভিড-১৯ মহামাৰী অব্যাহত থকা সময়ত যেতিয়া শাৰিৰীক দূৰত্ব ৰখাই সংক্ৰমণ ৰোধৰ মূল চাবি-কাঠী সেইসময়ত এই প্ৰচেষ্টাই চহৰৰ পথৰ কাষৰ বিক্ৰেতাসকলৰ ব্যৱসায়িক ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধনত সহায় কৰিব। এই প্ৰক্ৰিয়াত তেওঁলোকৰ অৰ্ডাৰ প্ৰাপ্তি আৰু ব্যৱসায়িক লেন-দেন অনলাইনৰ মাধ্যমেৰে কৰা সম্ভৱ হ’ব। একেদৰে গ্ৰাহকসকলৰো সুবিধা হ’ব।
প্ৰাথমিকভাৱে মন্ত্ৰালয় আৰু ছুইগী সংস্থাই আহমেদাবাদ, চেন্নাই, দিল্লী, ইণ্ডোৰ আৰু বাৰাণসী-এই ৫ খন চহৰৰ ২৫০ গৰাকী হকাৰক জড়িত কৰি এই পৰীক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰিব। পথৰ কাষৰ বিক্ৰেতাসকলৰ পান আৰু এফএছএছএআই পঞ্জীকৰণ, প্ৰযুক্তি আৰু তালিকাসমূহ ডিজিটাইজেশ্যন আৰু মূল্য নিৰ্ধাৰণ, স্বাস্থ্য বিধি আৰু পেকেজিং সম্পৰ্কীয় বিষয়সমূহ শিকোৱা হব’। পৰীক্ষামূলক কাৰ্যসূচী অন্ত পৰাৰ পাছত পৰ্যায়ক্ৰমে এই প্ৰচেষ্টা দেশজুৰি গ্ৰহণ কৰা হ’ব। অনুষ্ঠানত মন্ত্ৰালয়ৰ সচিবে প্ৰধানমন্ত্ৰী স্বনিধি প্ৰকল্পৰ ডেশ্ববোৰ্ডৰ এটি শেহতীয়া আৰু সংশোধিত সংস্কৰণো মুকলি কৰে।
কভিড-১৯ সৃষ্ট লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত পথৰ কাষৰ বিক্ৰেতাসকলৰ জীৱিকা নিৰ্বাহৰ বাবে সস্তাত মূলধনী ঋণ প্ৰদানেৰে মন্ত্ৰালয়ে ১জুনৰ পৰা প্ৰধানমন্ত্ৰী স্বনিধি প্ৰকল্প ৰূপায়ণ কৰিছে। এই প্ৰকল্পৰ জৰিয়তে ৫০ লাখতকৈ অধিক পথৰ কাষৰ বিক্ৰেতাসকলৰ উন্নয়নৰ লক্ষ্য লোৱা হৈছে। ৪অক্টোবৰ পৰ্যন্ত প্ৰধানমন্ত্ৰী স্বনিধি প্ৰকল্পৰ অধীনত ২০ লাখৰো অধিক আৱেদন লাভ কৰা হৈছে। ইয়াৰ মাজৰ ৭লাখ ৫০ হাজাৰতকৈ অধিক আৱেদনকাৰীৰ ঋণ মঞ্জুৰ হৈছে আৰু ২লাখ ৪০ হাজাৰৰো অধিক আৱেদনকাৰীক ঋণ প্ৰদান কৰা হৈছে।