পদবী এৰিলে প্ৰাক্তণ কংগ্ৰেছী মন্ত্ৰী এতোৱা মুন্ডাই

নিউজ ডেস্ক: কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই যিমানেই দলীয় কৰ্মীসকলক উৎসাহিত কৰিব বিচাৰিছে সিমানেই দলৰ নেতা কৰ্মীৰ মাজত অসন্তোষ্টি বৃদ্ধি পাইছে | দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তোষ্টি এতিয়াও আছে বিশেষকৈ উজনি অসমৰ নেতা কৰ্মীৰ মাজত | ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দায়িত্ব এৰিছে প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই | ফেব্ৰুৱাৰী মাহতে বহুকেইখন ৰাজহুৱা সভাত অংশ ল’বলৈ অসমলৈ আহিব ৰাহুল গান্ধী | ইয়াৰে প্ৰথমখন সভা অহা ১৪ ফেব্ৰুৱাৰীত শিৱসাগৰত হোৱাৰ কথা |

যি সময়ত ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত ৰাজনৈতিক দলসমূহ সেই সময়ত কংগ্ৰেছ দলৰ দায়িত্বৰ পৰা আতৰিছে দলৰ জ্যেষ্ঠ নেতাসকল |

ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত এখনি গুৰুত্বপূৰ্ণ সভাত অনুষ্ঠানিক ভাৱে তেওঁ এই দায়িত্ব এৰি জেষ্ঠ নেতা দেৱৰঞ্জন গগৈক তেওঁ দায়িত্ব অৰ্পণ কৰে। বিধানসভা নিৰ্বাচন বাবে এই দায়িত্ব এৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য আগবঢ়াই এতোৱা মুণ্ডাই।

একেটা অনুষ্ঠানতে কৃষক মুক্তিৰ সংগ্ৰাম সমিতি মৰাণ সমষ্টিৰ সভাপতি তথা কা-বিৰোধী মঞ্চৰ উপ-সভাপতি নীলমণি পানীফুকনে কংগ্ৰেছ দলত বহু সংখ্যক সতীৰ্থ সহ কংগ্ৰেছত যোগদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply