মায়ং – পবিতৰা অভয়াৰণ্যত পুনৰ এটা গঁড়ৰ মৃত্যু। অভয়াৰণ্যখনৰ টুপলুং বন শিবিৰত গঁড়ৰ মৃত্যু। টুপলুং বন শিবিৰত শনিবাৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰে এটা প্ৰাপ্তবয়স্ক গঁড়ৰ মৃতদেহ।
মৰিগাঁও জিলাৰ মায়ংৰ অন্তৰ্গত পবিতৰা অভয়াৰণ্যত মৃত্যু ঘটিছে এটাৰ পিছত আনটো গঁড়ৰ। বিগত এসপ্তাহৰ ভিতৰত পবিতৰা অভয়াৰণ্যত মৃত্যু ঘটিছে তিনিটাকৈ গঁড়ৰ। চলিত সপ্তাহতে অভয়াৰণ্যখনত দুটাকৈ পোৱালি গঁড়ৰ মৃত্যু হোৱাৰ পিছত শনিবাৰে পুনৰ এটা প্ৰাপ্তবয়স্ক গঁড়ৰ মৃত্যু হয়।
পবিতৰা অভয়াৰণ্যত এসপ্তাহৰ ভিতৰত তিনিটাকৈ গঁড়ৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অভয়াৰণ্যখনত গঁড়ৰ এই অস্বাভাৱিক মৃত্যুৱে বন বিভাগৰ লগতে প্ৰকৃতিপ্ৰেমী সকলক উদ্দীগ্ন কৰি তুলিছে।
ইফালে বন বিভাগৰ লোকে পবিতৰা অভয়াৰণ্যত গঁড়ৰ এই অস্বাভাৱিক মৃত্যুকলৈ উদাসীনতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছে। বন বিভাগৰ লোকে মৃত গঁড়ৰ মৰণোত্তৰ পৰীক্ষা কৰে যদিও গঁড়ৰ এই অস্বাভাৱিক মৃত্যুৰ কাৰণৰ প্ৰতিবেদন সংবাদ মাধ্যমৰ আগত প্ৰকাশ নকৰাৰ অভিযোগ উথাপিত হৈছে বন বিভাগৰ বিৰুদ্ধে।