গুৱাহাটী – হোটেল কৰ্মচাৰীক প্ৰহাৰৰ ঘটনাৰ লগত জড়িত এন এছ ইউ আইৰ সদস্যসহ পাঁচ অভিযুক্ত পলাতক। হোটেল কৰ্মচাৰী সকলৰ প্ৰতিবাদৰ পিছত অভিযুক্ত সকলক বিচাৰি আৰক্ষীৰ অভিযান। প্ৰথম অৱস্থাত গুৰুত্ব প্ৰদান কৰা নাছিল আৰক্ষীয়ে।
হোটেল পেলেচিঅ’ৰ ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালত প্ৰৱেশ কৰি ৰান্ধনীৰ লগতে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক প্ৰহাৰ কৰি তাণ্ডৱ চলাইছিল এন এছ ইউ আইৰ সদস্য কিষাণু শৰ্মাসহ পাঁচ জনকৈ যুৱকে। যোৱা ৩০ ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পিছতে ভুক্তভোগী ৰান্ধনী আৰু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে এজাহাৰ দাখিল কৰিছিল দিছপুৰ আৰক্ষীৰ থানাত।
প্ৰথম অৱস্থাত আৰক্ষীয়ে ঘটনা সংক্ৰান্তত গুৰুত্ব প্ৰদান নকৰি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল অভিযুক্ত সকলৰ বিৰুদ্ধে। ইয়াৰ পিছতে ন্যায় বিচাৰি দিছপুৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল হোটেল কৰ্মচাৰী সন্থাই। প্ৰতিবাদৰ বাতৰি সম্প্ৰচাৰ হৈছিল বিভিন্ন সংবাদ মাধ্যমত।
সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তৎপৰ হৈ উঠে দিছপুৰ আৰক্ষী। আৰক্ষীয়ে হোটেল কৰ্মচাৰীক প্ৰহাৰ কৰা এনে এছ ইউ আইৰ সদস্যসহ পাঁচ জন অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰাৰ পূৰ্বেই পলায়ন কৰে অভিযুক্ত সকল। আৰক্ষীয়ে অভিযুক্ত পাঁচ জনক বিচাৰি বিভিন্ন ঠাইত অভিযান চলাই বিমুখ হ’বলগীয়া হৈছে।
ইফালে হোটেল কৰ্মচাৰী সন্থাই অভিযোগ উত্থাপন কৰিছে যে আৰক্ষীয়ে সময় মতে অভিযুক্ত পাঁচ জনৰ বিৰোধ ব্যৱস্থা গ্ৰহণ কৰিলে অভিযুক্ত কেইজন পলায়ন কৰিবলৈ সক্ষম নহ’লেহেতেনে। হোটেল কৰ্মচাৰীক প্ৰহাৰ কৰা এন এছ ইউ আই সদস্যসহ পাঁচ জন অভিযুক্তই মবাইল ফোন অফ কৰি বহিঃৰাজ্যলৈ পলায়ন কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।