নগাঁও – নগাঁৱত পুনৰ জব্দ হৈছে অবৈধভাৱে পশুধন কঢ়িয়াই নিয়া বাহন। নগাঁও আৰক্ষীয়ে জব্দ কৰিছে অবৈধভাৱে কঢ়িয়াই নিয়া এখন ট্ৰাক আৰু পাঁচখন বলেৰ’ পিকাপ বাহন। বাহন সমূহৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৫৬ টাকৈ পশুধন। পশুধন সমূহ বাংলাদেশলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
দেওবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে পশুধন কঢ়িয়াই নিয়া এখন ট্ৰাক আৰু পাঁচখন বলেৰ’ পিকাপ বাহন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নিশা বৰঘাট বাইপাছত অভিযান চলাই অবৈধভাৱে পশুধন কঢ়িয়াই নিয়া এখন ট্ৰাক আৰু পাঁচখন বলেৰ’ পিকাপ বাহন জব্দ কৰাৰ লগতে বাহন সমূহৰ পৰা ৫৬ টাকৈ পশুধন উদ্ধাৰ কৰে।
আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে সৰবৰাহকাৰী কেইজনে পশুধন কেইটা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে আনিছিল। আৰক্ষীয়ে অবৈধভাৱে পশুধন কেইটা সৰবৰাহৰ লগত জড়িত কেইবাজনো ব্যক্তিক আটক কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে পশুধন সৰবৰাহকাৰী কেইজনক জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে নগাঁও জিলাৰ ৰূপহীহাট, চামগুৰি, জুৰীয়া আৰু কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ পৰা একাংশ পশুধন সৰবৰাহকাৰীয়ে চোৰাংকৈ বাংলাদেশলৈ পশুধনৰ সৰবৰাহ চলাই আছে। নগাঁও আৰক্ষীয়ে পূৰ্বেও অবৈধভাৱে কঢ়িয়াই নিয়া বহু কেইখন বাহন জব্দ কৰাৰ লগতে কেইবাজনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।