পশ্চিম বংগত বিজেপিৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ আহিব অমিত শ্বাহ

ক’লকাতা-পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে তৎপৰতা বাঢ়িছে বিজেপিৰ | দলটোৱে বিশেষভাবে প্ৰচাৰত নামিছে পশ্চিমবংগত | মমতা বেনাৰ্জীৰ শাসন ওফৰাই কেনেদৰে বিজেপিয়ে শাসনলৈ আহিব পাৰে তাৰ বাবে দলীয় নেতৃত্ব এতিয়া ব্যস্ত | গৃহমন্ত্ৰী অমিত শ্বাহৰ পশ্চিম বংগ ভ্ৰমণৰ আগতে বিজেপিয়ে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ ৰণনীতি চূড়ান্ত কৰিছে। মিছন বেংগলৰ বাবে আঠজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ মন্ত্ৰীক পশ্চিম বংগৰ বিভিন্ন লোকসভা আসনৰ বাবে দায়িত্ব দিয়া হৈছে।

বৰ্তমান ৰাজ্য খনত ৪২ খন লোকসভা আসনৰ ভিতৰত ১৮ খন বিজেপিৰ দখলত আছে । বিজেপিয়ে ৰাজ্যৰ বিধানসভাৰ ২৯৩ খন আসনৰ ভিতৰত ২০০ খন বিধানসভা আসন লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এইবাৰ নিৰ্বাচনৰ বাবে দায়িত্ব অৰ্পণ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, সাংস্কৃতিক ৰাজ্য মন্ত্ৰী প্ৰহ্লাদ পেটেল, পৰিবহন ৰাজ্য মন্ত্ৰী মনসুখ ভাই মান্দাভিয়া, পশুপালন ৰাজ্য মন্ত্ৰী সঞ্জীৱ বায়ন, গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়, উত্তৰ প্রদেশৰ উপ মুখ্য মন্ত্ৰী কেশৱ প্রসাদ মোৰ্য্য আৰু মধ্য প্রদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰ।

নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা সময়ত কিছুদিনৰ আগতে বিজেপি সভাপতি জে পি নাড্ডাক আক্ৰমন কৰাৰ দৰে ঘটনাও ঘটিছে | মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক উৎখাত কৰিব পাৰিব নে সপোন সপোন হৈয়েই থাকিব বিজেপিৰ |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply