পাঁচটা কেঁকো সাপসহ আটক এজন সৰবৰাহকাৰী

ছিপাঝাৰ – পাঁচটা কেঁকো সাপসহ আটক এজন সৰবৰাহকাৰী৷ পাথৰিঘাট আৰক্ষীৰ বিশেষ সাফল্য। ছিপাঝাৰৰ পাথৰিঘাটত আৰক্ষীয়ে কেঁকো সাপ উদ্ধাৰ কৰাৰ লগতে আটক কৰে সৰবৰাহকাৰী জনক।

দৰং জিলাৰ ছিপাঝাৰৰ পাথৰিঘাটত সোমবাৰে নিশা পাঁচটাকৈ কেঁকো সাপসহ আটক কৰা হয় এজন কেঁকো সাপ সৰবৰাহকাৰী৷ পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা এক গোপন সুত্ৰৰ পম খেদি নিকটৱৰ্তী তুৰাইৰ পৰা আটক কৰে কলাইগাঁও ভোলাবাৰীৰ তমচেৰ আলী নামৰ কেঁকোসাপ সৰবৰাহকাৰী জনক৷

আৰক্ষীৰ অভিযানৰ খবৰ পাই ঘটনাস্থলীৰ পৰা পলায় যাবলৈ সক্ষম হয় আন এজন কেঁকো সাপ সৰবৰাহকাৰী৷ ধৃত সৰবৰাহকাৰী জনে ব্যৱহাৰ কৰা এ এছ-১৩-এম-৪০৯৪ নম্বৰৰ স্কুটী এখনো জব্দ কৰে আৰক্ষীয়ে৷

পাথৰিঘাট আৰক্ষীয়ে ইতিমধ্যে বন বিভাগক চমজাই দিছে দুস্প্ৰাপ্য প্ৰজাতিৰ কেঁকো সাপ কেইটা৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ধৃত তমছেৰ আলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply