নিউজ ডেক্স:- অষ্ট্ৰেলিয়া ভ্ৰমণৰত পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰক ক’ভিড প’টকল নমনাৰ বাবে আচুতীয়াকৈ ৰখাৰ কথা প্ৰকাশ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই | উল্লেখযোগ্য, এই পাঁচজন ক্ৰিকেটাৰে মেলব’ৰ্নৰ এখন ৰেষ্টুৰেন্টলৈ অনুমতিৰ অবিহনে গৈ খাদ্যগ্ৰহন কৰাৰ ভিডিঅ’ আপল’ড কৰিছিল | এইসকলৰ মাজত টীম ইন্ডিয়াৰ ভাই কেপ্টেইন ৰোহিত শৰ্মা, ৰিছভ পন্ট, ছুভমন গীল, পৃথ্বী শ্ব’ আৰু নবদ্বীপ ছাহনী আছে |

ইয়াৰ প্ৰত্যুত্বৰত বিচিচিআইয়ে প্ৰকাশ কৰা মতে তেওলোকে এই সম্পৰ্কে কোনো ধৰণৰ অনুসন্ধান নকৰে | ক্ৰিকেট অষ্ট্ৰেলিয়াই এই পাঁচজন ক্ৰিকেটাৰক আন খেলুৱৈসকলৰ পৰা আতৰাই ৰখা হৈছে বুলি প্ৰকাশ কৰিছে |তেওলোকক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা হৈছে | উল্লেখ্য যে ছিডনীত ৭ জানুৱাৰীৰ পৰা তৃতীয় টেষ্ট আৰম্ভ হ’ব | বৰ্তমান সময়ত দুয়োটা দলৰ সদস্য মেলব’নতে বাহৰ পাতি আছে |