পাকিস্তানী সেনাৰ গুলীত নিহত ভাৰতীয় জোৱান

নিউজ ডেস্ক– পুনৰ পাকিস্তানী সেনাৰ গুলীত প্ৰাণ আহুতি দিলে ভাৰতীয় সেনাই। পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰাৰ ফলত জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত বৃহস্পতি বাৰে নিহত হয় ছুৱেদাৰ স্বতন্ত্ৰ সিং। শ্বহীদ স্বতন্ত্ৰ সিং উত্তৰাখণ্ডৰ নিবাসী আছিল।

শ্বহীদ স্বতন্ত্ৰ সিং অত্য়ন্ত সাহসী, কৰ্তব্য়পৰায়ন সৈনিক আছিল। দেশখন ৰক্ষাৰ হকে শত্ৰু পক্ষক উচিত সকীয়নী দিবলৈ আগবাঢ়ি গৈছিল স্বতন্ত্ৰ সিং। অৱশেষত শত্ৰু গুলীয়ে ধৰাশায়ী কৰিলে ছুৱেদাৰ স্বতন্ত্ৰ সিঙক। আহত স্বতন্ত্ৰ সিঙক হস্পিতাললৈ লৈ যোৱা হয় কিন্তু হস্পিতালতে নিহত হয় স্বতন্ত্ৰ সিং।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply