তিনিচুকীয়া– অৱশেষত পাচঁমাহে জ্বলি থকা বাঘজানৰ তৈলখাদৰ জুইকুৰা সম্পূৰ্ণভাৱে নিৰ্বাপিত হ’ল। বৰ্তমান তৈলখাদটোত কোনোধৰণৰ চাপ নাই। পুনৰ গেছ নিৰ্গত হোৱাৰ আকৌ আশংকা আছে নেকি সেই বিষয়ত ২৪ ঘন্টাৰ ভিতৰত নিৰীক্ষণ কৰা হ’ব। এই কথা সদৰী কৰিলে অইল ইণ্ডিয়া লিমিটেডে।

অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক পি চন্দ্ৰশেখৰ, পি কে গোস্বামী, মুখ্য় আৱাসিক কাৰ্যবাহী ডি কে দাসে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু অইলৰ বিশেষজ্ঞ সকলৰ সৈতে এই বিষয়ত এখন বৈঠকত মিলিত হয়। তাৰ পিছতেই তেওঁলোকে ৱ নিশ্চিত হৈ জনাই যে বাঘজানৰ তৈলখাদৰ জুই সম্পূৰ্ণভাৱে নিৰ্বাপন হোৱাৰ কথা।

উল্লেখ্য় যে যোৱা ২৯ মে’ ৰ পৰা খাদটোৰ পৰা নিৰ্গত হোৱা তেল আৰু গেছে বায়ু,পানী আৰু মাটিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ৯জুনত তৈলখাদটোত ভয়ংকৰ অগ্নিকাণ্ডৰ সংঘটিত হৈছিল।অৱশেষত জুই নিৰ্বাপন হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে বাঘজানবাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply