গুৱাহাটী – দীৰ্ঘদিন ধৰি কৰ্মচাৰীক হাৰাশাস্তি কৰা ৰে’লৱে ক’পাৰেটিভ কৰ্তৃপক্ষই এইবাৰ পুনৰ কৰ্মচাৰীক মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ কৰ্মচাৰীৰ দৰমহা কৰ্ত্তনৰ অভিযোগ উত্থাপিত হৈছে ৰে’ল ক’পাৰেটিভ কৰ্তৃপক্ষৰ বিৰুদ্ধে। কোনো ধৰণৰ জাননী নিদিয়াকৈ কৰ্মচাৰীৰ দৰমহা কৰ্ত্তন কৰাত জাঙুৰ খাই উঠে কৰ্মচাৰী সকলে ।

ঘটনা সন্দৰ্ভত ৰে’ল ক’পাৰটিভৰ তিনিজন লোকক আগচি ধৰে ক’পাৰটিভৰ কৰ্মচাৰীসকলে। ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে ক’পাৰটিভৰ দুজন বিষয়াই।

দীৰ্ঘদিন ধৰি ৰে’লৱে ক’পাৰটিভত মইমতালি চলোৱাৰ অভিযোগত সম্পাদক চয়ন ৰয়, মুখ্য পৰিচালক শুভা দেৱ আৰু পৰিচালক অৰুণ সৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। কৰ্মচাৰীকসকলক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে ক’পাৰটিভৰ সামগ্ৰী গোপনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে পৰিচালকৰ বিৰুদ্ধে।

আনহাতে, ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকলৈ চোচা ল’লে ৰে’লৱে ক’পাৰটিভত কৰ্মৰত সুমিত দত্তই।

ঘটনাস্থলীত কৰ্মচাৰী সকলে সম্পাদক চয়ন ৰয়, মুখ্য পৰিচালক শুভা দেৱ আৰু পৰিচালক অৰুণ চৰকাৰক পদৰ পৰা বহিস্কাৰ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply