গুৱাহাটী: পাণবজাৰস্থিত মহিলা থানাত যোৱা নিশা উপস্থিত হয় জনপ্রিয় শিল্পী জুবিন গার্গ৷ পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে থানাত ৰুজু হোৱা ৩/২১ নম্বৰৰ গোচৰৰ ভিত্তিত শিল্পীগৰাকীক থানালৈ মাতি পঠিওৱাত সোমবাৰে নিশাৰ ভাগত জুবিন গার্গ পাণবজাৰ মহিলা থানাত উপস্থিত হয়৷
উল্লেখ্য যে কিছুদিনৰ আগতে দুগৰাকী মহিলা অভিনেত্ৰীক লৈ শালীনতাৰ সীমা চেৰাই গৈ ৰাজহুৱা অনুষ্ঠানত মন্তব্য কৰিছিল জুবিন গাৰ্গে ৷ এই সন্দর্ভত ৰাজ্যিক মহিলা আয়োগে পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে৷
গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে শিল্পীগৰাকীক থানালৈ মাতি পঠিওৱাত জুবিন গার্গ থানাত উপস্থিত হৈ গোচৰটোৰ তদন্ত প্রক্রিয়াত আৰক্ষীক সহযোগ কৰে৷ অৱশ্যে জুবিনে সেই মন্তব্য ধেমালিতে কৰা বুলি কৈ ৰাইজে ছিৰিয়াচ কৰি ল’লে বুলি উল্লেখ কৰিছিল |পানবজাৰ আৰক্ষীয়ে সোধা-পোছাৰ অন্তত জুবিন গার্গক থানাৰ পৰা যাবলৈ দিয়ে৷