নিউজ ডেস্ক – গুণ্ডাগিৰিৰ সেৱা! তেনে সেৱা গ্ৰহণৰ বাবে প্ৰকাশ কৰা হৈছে মাচুলৰ তালিকা। এজন লোকে পিষ্টল হাতত লৈ থকা ফটোৰ কাষতে প্ৰকাশ কৰা হৈছে এখন মূল্য তালিকা। এটা বিশেষ গোটৰ সেৱাৰ তালিকাত আছে এনেবোৰ বিষয়।
আপুনি যদি কাৰোবাক ধমকি দিয়াব লাগে তাৰ বাবে মাত্ৰ ১০০০ টকা দিলেই হ’ব। আনহাতে কিছু মাৰপিট কৰাবৰ ৫০০০ টকা দিব লাগিব। পিছে আপুনি যদি আপোনাৰ শত্ৰুৰ হাত-ভৰি ভাঙিবলৈ বিচাৰে তেন্তে আপুনি দিব লাগিব ১০০০০ টকা। পৰিতাপৰ বিষয় যে এটা জীৱনৰ মূল্য এই গোটটোৱে ধাৰ্য কৰিছে ৫৫০০০ টকা। অৰ্থাৎ আপোনাৰ হৈ কাৰোবাক হত্যা কৰিবৰ বাবে এই গোটটোক আপুনি দিব লাগিব ৫৫ হেজাৰ টকা।
ইতিমধ্যে এই পোষ্ট ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই আপত্তিজনক পোষ্ট আপলোড কৰা যুৱকজনে ইতিমধ্যে আত্মগোপন কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনা উত্তৰ প্ৰদেশৰ মুজফৰপুৰৰ।
যুৱকজনক চৰাথৱাল আৰক্ষী থানাৰ অধীনৰ চৌকাড়া জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। সদৰ আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া কুলদীপ কুমাৰে কয় যে আৰক্ষীয়ে এই সমগ্ৰ বিষয় তদন্ত কৰিছে আৰু শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব।