প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী-অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সকলোকে।

গুৱাহাটী-ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্যবৃদ্ধিত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি গুৱাহাটীৰ বজাৰত মূল্যবৃদ্ধিৰ সন্দৰ্ভত তদন্তত নামে অসম চৰকাৰৰ গঠিত ‘টাস্ক ফ’ৰ্চ’ ৰ এটি দলে ।

আজি লালমাটিৰ ব্ৰহ্মপুত্ৰ বজাৰত দলটোৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত নিৰীক্ষণ কৰে ।

অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে অসম আৰক্ষীৰ এটা দলে পাচলিৰ মূল্যৰ সন্দৰ্ভত গ্ৰাহকৰ স’তে মত -বিনিময় কৰে ।

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক আলতাব আহমেদে কয়

‘ চৰকাৰে নিৰ্ধাৰণ কৰা মূল্য সন্দৰ্ভত অধিকাংশ ব্যৱসায়ীয়ে কোনো নিয়ম পালন কৰা নাই । আমি লগতে লক্ষ্য কৰিছোঁ যে আলু -পিয়াঁজৰ গড়চুক বজাৰৰ পামহীৰ তুলনাত অধিক দামত গ্ৰাহকক বিক্ৰী কৰা হৈছে । ‘

উল্লেখ্য যে প্ৰশাসনে গুৱাহাটিৰ সকলো পাইকাৰী ব্যৱসায়ীক মূল্যবৃদ্ধি নিৰ্ধাৰণৰ সন্দৰ্ভত চৰকাৰে নিৰ্ধাৰণ কৰা গড়চুক পামহিৰ বজাৰৰ ওপৰত ভিত্তি কৰি মূল্যৰ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল ।

কিন্তু কিছুমান অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক অধিক দামত শাক -পাচলি বিক্ৰী কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।

‘আমি গুৱাহাটীৰ সকলো শাক -পাঁচলিৰ পাইকাৰী ব্যৱসায়ীক পামহিৰ বজাৰৰ দৰত বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছিলো।যদি কোনো ব্যৱসায়ীয়ে এই নিয়ম ভংগ কৰে তেতিয়া তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম ।’ এই মন্তব্য কৰে বিভাগীয় পৰিদৰ্শক ঈশ্বৰ শৰ্মাই ।

তেওঁ ব্ৰহ্মপুত্ৰ বজাৰৰ সকলো পাইকাৰী ব্যৱসায়ীক এই শাক -পাচলি মূল্য সন্দৰ্ভত চৰকাৰৰ নীতি মানি চলিবলৈ নিৰ্দেশ দিয়ে ।

কিন্তু প্ৰশাসনৰ নিৰ্দেশত অসন্তুষ্টি প্ৰকাশ কৰে বজাৰ খনৰ পাইকাৰী ব্যৱসায়ীয়ে।

এই সন্দৰ্ভত ইষ্ট ম’জৰ সাংবাদিকৰ আগত বজাৰ খনৰ পাইকাৰী ব্যৱসায়ী মহম্মদ আয়ুব আলীয়ে কয় ,’মই ফুলকবি ৪৫ টকা কেজিত কিনি আনিছো আৰু প্ৰশাসনে সেই দামতে বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে ।যদি মই সেই দামতে বিক্ৰী কৰো তেতিয়া মই বহু লোকচানৰ সন্মুখীন হ’ম ।’

লগতে তেওঁ কয় ,’ শাক-পাচলিৰ ক্ষেত্ৰত এটাই মূল্য নিৰ্ধাৰণ কৰি ৰখাটো সম্ভৱ নহয় ।কাৰণ পৰিবহন খৰছ ,মাজে মাজে আৰক্ষীয়ও টকা দাবী কৰে ।প্ৰচণ্ড গৰমত আমাৰো বহুত কষ্ট হয় ।’

প্ৰশাসনে শাক -পাচলিৰ ওপৰত নিৰ্ধাৰণ কৰা মূল্যত অসন্তুষ্ট প্ৰকাশ কৰে ব্ৰহ্মপুত্ৰ বজাৰৰ পাইকাৰী ব্যৱসায়ীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply