পডুছেৰীৰ ৰাজ্যপাল পদৰ পৰা আতৰালে কিৰণ বেদীক Credit: টুইটাৰ

নিউজ ডেস্ক: পুডুচেৰীৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন ত্যাগ কৰাৰ লগতে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ ফলত ভি নাৰায়ণ স্বামী চৰকাৰে বৰ্তমান সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে । এই লৈ বিজেপি নেতৃত্বাধীন বিৰোধীয়ে সদনত আস্থাৰ ভোট বিচাৰি দাবী উত্থাপন কৰি আহিছে । কংগ্ৰেছ বিধায়ক সকলে পদত্যাগৰ পিছত পুডুচেৰী ৰাজনৈতিক সংকটৰ মাজত উপ ৰাজ্যপাল কিৰণ বেদীক মঙলবাৰে নিশা পদৰ পৰা হঠাৎ আঁতৰ কৰা হৈছিল। ৰাষ্ট্ৰপতি ভৱনৰ সচিব অজয় কুমাৰ সিঙে জাৰি কৰা এক বিবৃতি অনুসৰি ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিছিল । ইফালে এতিয়া পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰৰ অতিৰিক্ত দায়িত্ব তেলেংগানাৰ ৰাজ্যপাল তামিলীচাই চেচাৰাজনৰ হাতত অৰ্পন কৰা হৈছে ।

উপৰাজ্যপাল পদৰ পৰা আঁতৰ কৰোৱাৰ পিছতেই বুধবাৰে এটা টুইট কৰে কিৰন বেদীয়ে । বেদীয়ে টুইটত কয় “উদাৰ হৃদয়, তীব্ৰ মন, সাহসী আৱেগ। এইটো তেওঁৰ মেজত ৰখা ডায়েৰিৰ আৱৰণ।”

অহা মে মাহৰ ভিতৰত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব | এনে এক সময়ত ৰাজ্যপালক আতৰোৱা ঘটনা আৰু ৰাজ্যপাল কিৰণ বেদীৰ টুইটে নতুন দিশৰো ইংগিত বহন কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply