গুৱাহাটী – ৰোগগ্ৰস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাষত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰুগীয়া তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈকে চিকিৎসালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল।
তৰুণ গগৈৰ খবৰ লৈ মুখ্যমন্ত্ৰীয়ে কয়, “পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল’বলৈ আহিছো। ভগৱানৰ ওচৰত তেখেতৰ আশু আৰোগ্য প্ৰাৰ্থনা কৰিছো। আমি একেলগে জনতাৰ উন্নয়নৰ বহু কাম কৰিব বাকী আছে। তেখেতে মোৰ সৈতে ফৰকাল মনেৰে কথা পাতিলে।”