নিউজ ডেস্কঃ পুনেৰ ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।এই অগ্নিকান্ডত পাঁচজন লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰিছে ছিৰাম ইনষ্টিটিউটতৰ চি ই অ’ আদৰ পুনাওৱালাই I পুনেৰ কোম্পানীৰ টাৰ্মিনেল ১ গেটত এই অগ্নিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানটোৰ টাৰ্মিনেল গেট নং১-ৰ ভিতৰৰ ছেইজ ৩ ভৱনৰ চতুৰ্থ আৰু পঞ্চম মহলাত এই অগ্নিকাণ্ডৰ ঘটনা। কভিশ্বিল্ডৰ বৃহৎ পৰিমাণৰ ঔষধৰ প্ৰস্তুত কৰি থকা হৈছিল উক্ত মহলাত।
বিধ্বংসী জুই নিৰ্বাপনৰ বাবে ১০খনৰো অধিক গাড়ী নিয়োজিত কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে। অৱশ্যে শেহতীয়াকৈ এই জুই নিৰ্বাপিত হৈছে। উল্লেখ্য যে, চিৰাম প্ৰতিষ্ঠান হৈছে এনে এটা প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠান বিশ্ব ভিতৰতে সবাতোকৈ ডাঙৰ ভেকচিন নিৰ্মাতাকাৰী প্ৰতিষ্ঠান। প্ৰায় ১০০ একৰ মাটিত বিয়পি আছে প্ৰতিষ্ঠানটো।