ঢেকীয়াজুলি– এমাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অসমলৈ আহিব নৰেন্দ্ৰ মোদী। দেওবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বিশাল জনসভাত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। তাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে ঢেকীয়াজুলি। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনত যোৱা নিশা হাজাৰ হাজাৰ চাকিৰে আলোকিত হৈ পৰে ঢেকীয়াজুলি। ভ্ৰমণসূচী মতে দিনৰ প্ৰায় ১১.৪৫বজাত ঢেকীয়াজুলি পাবহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ৰাজ্যিক বিজেপিয়ে বিশাল জনসভাত ৫লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য ৰাখিছে। ইফালে অসমৰ ৰাইজলৈ তেওৰ আগমনৰ কথা অসমীয়াতে টুইটও কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
Glad to see immense enthusiasm in Assam. Happy to be getting yet another opportunity to be in the state tomorrow. We will continue working for Assam’s all-round development. pic.twitter.com/b1Ve5iOGwf
— Narendra Modi (@narendramodi) February 6, 2021
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমলৈ আহি ‘অসম মালা’ আঁচনি উদ্বোধন কৰাৰ লগতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত অংশল’বৰ বাবে হাজাৰ হাজাৰ ৰাইজৰ পুৱাৰে পৰা উদুলি-মুদুলি পৰিৱেশ হৈছে ঢেকীয়াজুলি।