যোৰহাট – কৃষক নেতা অখিল গগৈৰ মাতৃ পুণৰ অসুস্থ হৈ পৰিছে। অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। অখিল গগৈৰ মাতৃ জ্বৰত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে।
“কা” আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা কৃষক নেতা অখিল গগৈৰ মাতৃ পুনৰ অসুস্থ হৈ পৰিছে। গুৰুত্বভাৱে অসুস্থ হৈ পৰা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত।
অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ জ্বৰ আৰু বমিত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে। কৃষক নেতা গৰাকীৰ মাতৃ মধুমেহ ৰোগতো আক্ৰান্ত। বৰ্তমান চিকিৎসাধী অৱস্থাত থকা অখিল গগৈৰ মাতৃ যথেষ্ট দুৰ্বল হৈ পৰিছে বুলিও জানিব পৰা গৈছে।
মঙলাবাৰে পুৱাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অখিল গগৈৰ মাতৃক ভৰ্তি কৰোৱা হয়। চিকিৎসাকে চিকিৎসাৰ কৰাৰ পিছতহে জনিব পৰা যাব অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বিষয়ে।
উল্লেখ্য যে “কা” আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা অখিল গগৈক ২০১৯ চনৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। অখিল গগৈৰ মাতৃয়ে এবছৰতকৈও অধিক সময় কাৰাবন্দী হৈ থকা অখিল গগৈৰ মুক্তিৰ দাবী জনাই আহিছে। পুত্ৰ বেদনাত অধিক অসুস্থ হৈ পৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।