নিউজ ডেস্ক– জম্মু-কাশ্মীৰত পুনৰ সেনা -সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। পুৱাই জম্মু-কাশ্মীৰৰ নাগৰুতাত সেনাৰ গুলীয়ে ধৰাশায়ী কৰে চাৰিটাকৈ সন্ত্ৰাসবাদীক।
সন্ত্ৰাসবাদীকেইটা জম্মুৰ পৰা কাশ্মীৰলৈ বাছৰে গৈ আছিল। নাগ্ৰোটাৰ বান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাৰ ওচৰত নিৰাপত্তা বাহিনীয়ে চেকিং কৰা সময়তে নিৰাপত্তা বাহিনী লক্ষ্য কৰি সন্ত্ৰাসবাদী কেইটাই গ্ৰেণেড নিক্ষেপ কৰে। এই কথা উল্লেখ কৰে জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে।
সেনা -সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ ফলত নিহত হয় চাৰিটাকৈ সন্ত্ৰাসবাদী।সন্ত্ৰাসবাদী কেইটা জেইছ এ মহম্মদৰ লগত জড়িত বুলি জানিব পৰা গৈছে।সংঘৰ্ষ সংঘটিত হোৱাৰ কাৰণে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় পথটো বন্ধ কৰি দিয়া হৈছে। তদুপৰি নাগ্ৰোটা আৰু উধমপুৰৰ টিল্টিং অঞ্চলৰো সকলো যান-বাহন বন্ধ কৰা হৈছে।