১ লাখ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

গুৱাহাটী – অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ বিতৰ্ক মাৰ নৌযাওঁতেই আন এগৰাকী এছ আইয়ে ধন উৎকোচ হিচাপে লৈ গ্ৰেপ্তাৰ হ’বলগীয়া ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি ধন উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা আৰক্ষী উপ পৰিদৰ্শকজন ডিব্ৰুগড়ৰ দীপজ্যোতি দাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিষয়াগৰাকী ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাত নিয়োজিত হৈ আছিল আৰু একেখন থানাৰে ভাৰপ্ৰাপ্ত বিষয়াই আজি তেওঁক গ্ৰেপ্তাৰ কৰিছে।

ইয়াৰ উপৰিও, বিষয়াগৰাকীৰ জিম্মাৰ পৰা ১ লাখ টকা জব্দও কৰা হৈছে। জানিব পৰা মতে এক শিশু নিৰ্যাতনৰ ঘটনা সংক্ৰান্তত এগৰাকী লোকৰ পৰা উক্ত ধনখিনি উৎকোচ হিচাপে গ্ৰহণ কৰিছিল ধৃত বিষয়াগৰাকীয়ে।

আজি অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে কয়, “এগৰাকী লোকৰ পৰা ১ লাখ টকা দাবী কৰা আৰু গ্ৰহণ কৰাৰ অপৰাধত ডিব্ৰুগড় জিলাৰ টেঙাখাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপজ্যোতি দাসক গ্ৰেপ্তাৰ কৰা হৈছে। সংশ্লিষ্ট পৰিমাণৰ ধনখিনিও তেওঁৰ পৰা জব্দ কৰা হৈছে। সম্প্ৰতি তেওঁৰ বিৰুদ্ধে তদন্ত কৰি থৰকা হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও গৌৰীপুৰ আৰক্ষী থানাৰ বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু একেখন থানাৰে সহকাৰী উপ পৰিদৰ্শক আবু কালাম আজাদকো আন এগৰাকী লোকৰ পৰা ১ লাখ টকা দাবী কৰাৰ অপৰাধতে গ্ৰেপ্তাৰ কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply