Credit: প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক– ২৫ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণকালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান দৰ্শন কৰি গৃহমন্ত্ৰী গৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া থান প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰিব।

একেদিনাই বটদ্ৰৱাত আয়োজন কৰা এখন জনসভাতো অংশ ল’ব গৃহমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য, মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানক ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে লোৱা আঁচনি মৰ্মে এই নিৰ্মাণকাৰ্য আৰম্ভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply