প্লাবিতা হালৈ, শুৱালকুছি:
শুৱালকুছি ! মহাবাহু ব্ৰহ্মপুত্ৰৰ কোলা শুৱনি কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে এইখন এখন বিশেষ ঠাই। গুৱাহাটী মহানগৰীৰ পৰা ৩৫ কি:মি নিলগত অৱস্থিত এই শুৱালকুছি গাঁও। প্ৰায় ৫২ হাজাৰ ৬৭৬ জন লোকৰ বসতিভূমি শুৱালকুছিৰ বাসিন্দাসকলৰ জীৱিকাৰ প্ৰধান উৎস হ’ল বয়ন শিল্প।
ঠাইখনৰ মূগা আৰু পাট সুতাৰ বয়ন শিল্পই সমগ্ৰ বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেইবাবে শুৱালকুছিৰ পূৰ্বৰ মানচেষ্টাৰ বুলিও নামাকৰণ কৰা হৈছে। মহামনৱ মহাত্মা গান্ধীয়েও এই শিল্পক প্ৰশংসা কৰি থৈ গৈছে। উল্লেখযোগ্য যে এই বিজ্ঞানৰ যুগত শুৱালকুছিৰ এই বয়ন শিল্পটোত বিভিন্নধৰণৰ উন্নত প্ৰযুক্তি ব্যবহাৰ কৰি তাক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰি থকা হৈছে।
নতুন পুৰণি প্ৰযুক্তিৰ মাজত শুৱালকুছিৰ বয়নশিল্পই যেনেদৰে উন্নতিৰ জখলাত আগবাঢ়িব লাগিছিল সেইয়া এতিয়াও হৈ উঠাগৈ নাই | চৰকাৰ বোৰে সহায় নকৰা নহয় কিন্তু ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা জোখৰে এইবোৰ হৈ উঠা নাই |

যোৱাটো বৰ্ষত হঠাৎ বিশ্ববাসীৰ বাবে ত্ৰাসৰূপে দেখা দিছিল মহামাৰী কৰ’ণাই। মাহ মাহ ধৰি স্তব্ধ হৈ ৰৈছিল বিশ্বৰ প্ৰধান প্ৰধান ৰাষ্ট্ৰসমূহো। বিশ্ব বাণিজ্য ক্ষেত্ৰ খনলৈ অহা ভাবুকিৰ প্ৰভাব অসমৰ শুৱালকুছিৰ অৰ্থনৈতিক ক্ষেত্ৰখনটো কৰোনাই বিশেষ প্ৰভাৱ পেলোৱা দেখা গৈছে।
যিহেতু অঞ্চলটোৰ অৰ্থনীতিৰ প্ৰধান পথটিয়েই হৈছে বস্ত্ৰ ব্যৱসায়। গতিকে কৰোনা কালচোৱাত হোৱা লকডাউনে এই ব্যৱসায়টোৰ ক্ষেত্ৰতো একপ্ৰকাৰ তলাবন্ধ হোৱা বুলি কব পাৰি।শুৱালকুছিৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী অৰুণ বৈশ্যই কৰণা কালৰ অভিজ্ঞতা এনেদৰে ব্যক্ত কৰে , ” ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা সম্পূৰ্ণ ৰূপে এই ব্যৱসায় স্তব্ধ হৈ পৰে। অক্টোৱৰত গুৱাহাটীৰ কিছু ব্যক্তিগত অফিচৰ জৰিয়তে কুৰিয়াৰ প্ৰথাৰে উজনি অসমৰ কিছু দোকানলৈ মোৰ ফেক্টৰীত নিৰ্মিত পাটৰ কাপোৰ দি পঠিওৱাৰ ব্যৱস্থা কৰিছিলো।
তাতো এক মূল্য ভৰিব লাগে। কাপোৰৰ উপযুক্ত মূল্যও পোৱা নাছিলো। উদ্যোগত কাপোৰৰ উৎপাদন আছিল তেনেই তাকৰ। বিক্ৰী আছিল অতি কম পৰিমানৰ। কিন্তু শিপিনীসকলৰ দৰমহা সম্পূৰ্ণ ৰূপে বহন কৰিবলগীয়া হোৱাত আমি ব্যৱসায়ী সকলে সকলো দিশতেই লোকচানৰ মুখ দেখিবলগীয়া হৈছিল।”

শুৱালকুছিৰ এগৰাকী অন্য ব্যৱসায়ী হিৰালাল কলিতাই কয়, ” মোৰ ব্যৱসায় আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছিল যদিও কৰোনা কালত সমগ্ৰ বিশ্বৰেই অৰ্থনীতি স্তব্ধহৈ যায়। সৰু সুৰা ব্যৱসায়ী সকলে ঘৰ চলাব নোৱাৰি তেনেই কম মূল্যতেই কাপোৰ সমূহ বিক্ৰী কৰিব লগাত পৰে। ফলত এচাম অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুযোগলৈ কম মূল্যত কাপোৰ ক্ৰয় কৰি এতিয়া আকাশলংঘী মূল্যত সেইবোৰ গ্ৰাহকক বিক্ৰী কৰি আছে।”
কৰোনা কালত যথেষ্ট লোকচানৰ মুখামুখি হৈছিলো। হয়টো আগন্তক ২০২৩/২০২৪ চনলৈ অৰ্থনৈতিক ব্যৱস্থাটো সুস্থিৰ নহ’ব। শুৱালকুছিৰ বয়ন শিল্পৰ এই ব্যৱসায়টোয়ে পুনৰ আগৰ অবস্থা পাবলৈ সময় লাগিব। বিগত ৫০ দিনৰ পৰা শুৱালকুছিৰ এই ব্যৱসায়টো কিছু উন্নত হোৱা দেখা গৈছে।এনেদৰে কৰোনাৰ গ্ৰাসত পৰা শুৱালকুছিৰ এই ব্যৱসায়টোয়ে যথেষ্ট পৰিমানে লোকচানৰ সন্মুখীন হৈছে।

সাধাৰণ শিপিনী এগৰাকীয়ে মনৰ ভাৱ প্ৰকাশ কৰে, ” কৰোনা কালৰ লকডাউনৰ সেই দিনকেইটা কল্পনা কৰিলেওঁ এতিয়া কপি উঠো। হাতত কাম নাছিল। টকা নাছিল। হাহাকাৰ অৱস্থা। এতিয়া লাহে লাহে অলপ ভাল হ’ব লৈছে।”
বিশ্বৰ বজাৰত অতিকে গুৰুত্ব লাভ কৰা শুৱালকুছিৰ বস্ত্ৰ ব্যবসায়টোক আন্তৰাষ্ট্ৰীয় মঞ্চ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব যিমান হ’ব লাগিছিল সেই হিচাবত হৈ উঠাগৈ নাই | পৰ্যটন ক্ষেত্ৰতো শুৱালকুছিৰ বস্ত্ৰশিল্পই পাবলগীয়া গুৰুত্ব আজিলৈকে নাপালে | অত্যাধুনিক মেছিনৰ ক্ষেত্ৰত শিপিনীসকলে পাবলগীয়া সুবিধাৰ পৰাও বঞ্চিত | ইয়াৰ মাজতে শুৱালকুছিৰ ৰাইজে এই শিল্পটোক বিশ্ববাসীৰ ওচৰত প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে ।