মহানগৰীত দিন দুপৰতে সংঘটিত হোৱা পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। দেওবাৰে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তই সংবাদমেলযোগে এই কথা সদৰি কৰিছে।
শিহৰণকাৰী এই হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা SIT ৰ তদন্তৰ অন্তত হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক চিনাক্ত কৰা হৈছে। হত্যাকাণ্ডত জড়িত অভিযুক্ত কেইজন বৰ্তমান মহানগৰ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ৬জনীয়া এটা দল জড়িত আছিল। ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে হাজোৰ শ্বাহ আলম তালুকদাৰক। শ্বাহ আলম তালুকদাৰ এক্সেল একাডেমীৰ স্বত্বাধিকাৰী। বাইকত অহা আন এজন অভিযুক্ত হৈছে সুজল আলী। বাইকত অহা শ্বাহ আলমে ঘটনাৰ দিনাখন গুলী চলাইছিল। এই হত্যাকাণ্ডৰ লগত জড়িত আন ৩ জন অভিযুক্ত হৈছে জয়দেৱ মহন্ত, জিতুমণি বৰ্মন আৰু হৰেন পাটগিৰি। বাকী আন এজন অভিযুক্তৰ নাম বৰ্তমানো ৰাজহুৱা কৰা নাই।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে পল্টনবজাৰৰ বেংক অৱ বৰোদাৰ ডকাইতিতো এই দলটো জড়িত আছিল। তদুপৰি, ৩১ জানুৱাৰীত মুকালমুৱাৰ ব্যৱসায়ীৰ পৰা ১১ লাখ টকা লুটি নিয়াৰ লগতে এই দলটো আন বহু অপৰাধৰ সৈতে জড়িত আছিল।
অভিযুক্ত পাঁচজন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু আনজনক গ্ৰেপ্তাৰৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।
উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীত ২১ নৱেম্বৰৰ দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হৈছিল।