গুৱাহাটী- কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫২ নং দিছপুৰ, ৫৩নং পূব গুৱাহাটী, ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে। যদি সংশ্লিষ্ট সমষ্টিৰ কেইটাৰ ভোটাৰ তালিকাত নাম পঞ্জীয়ন-কৰ্তন, নাম কৰ্তন কৰাৰ ক্ষেত্ৰত কোনো অভিযোগ শুধৰণী অথবা ভোট গ্ৰহণ কেন্দ্ৰ সাল-সলনি কৰিবলগীয়া আছে তেনে ব্যক্তিক নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি অহা ১৫ ডিচেম্বৰ তাৰিখৰ ভিতৰত সংশ্লিষ্ট সমষ্টি কেইটাৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া তথা ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয় আৰু সমষ্টি সমূহৰ সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰত দাখিল কৰিবলৈ কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৰাইজলৈ আহ্বান জনাইছে। জিলা উপায়ুক্ত পেগুৱে লগতে কয় যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি যিসকল ভোটাৰৰ নামৰ বিপৰীতে ভোটাৰ তালিকাত ফটো সন্নিবিষ্ট এই পৰ্যন্ত হোৱা নাই তেনে ভোটাৰৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ব। সেয়েহে ভোটাৰ তালিকাত ফটো নথকা যিসকল ভোটাৰে জিলা প্ৰশাসনে জাননী দিয়াৰ পিচতো ফটো জমা দিয়া নাই সেইসকল ভোটাৰক ফটোযুক্ত ভোটাৰ তালিকাৰ বাবে পাছপোৰ্ট আকাৰৰ ৰঙীন ফটো অনতি পলমে সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া অথবা কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ জিলা উপায়ুক্ত গৰাকীয়ে অনুৰোধ জনায়।অন্যথা ফটো বিহীন তেনে ভোটাৰৰ নাম ভোটাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলিও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply