গুৱাহাটী – গুৱাহাটীবাসীৰ বাবে পৃথক ভূমি নীতি প্ৰণয়ৰ দাবীৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদ। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনা গুৱাহাটীবাসীৰ বাবে পৃথক ভূমি নীতি প্ৰণয়ৰ দাবীত প্ৰতিবাদত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি। প্ৰতিবাদস্থলীৰ পৰাই কাৰাবন্দী অখিল গগৈক মুক্তিৰ দাবী। গুৱাহাটীৰ পাহাৰ, জলাশয়ৰ পাৰ, বনাঞ্চল, চৰকাৰী মাটিত বসবাস কৰা লোকক মাটিৰ পাট্টা প্ৰদান কৰিবই লাগিব বুলি দাবী কৃষক মুক্তি সংগ্রাম সমিতিৰ।

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন। অধিবেশনৰ প্ৰথমদিনা বিভিন্ন দল-সংগঠনে তেওঁলোৰ দাবী সমূহলৈ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালে দ্বিতীয় দিনাও পৰিলক্ষিত হ’ল একে পৰিৱেশ। বিধানসভাৰ দ্বিতীয় দিনাও উত্তাল হৈ পৰিল লাষ্ট গেট। বিভিন্ন দল-সংগঠনে তেওঁলোকৰ দাবী সমূহলৈ প্ৰতিবাদত বহিল লাষ্ট গেটত।

অন্যান্য দল-সংগঠনৰ লগতে কৃষক মুক্তি সংগ্রাম সমিতিয়ে লাষ্ট গেট উত্তাল কৰি তোলে প্ৰতিবাদী কন্ঠেৰে। গুৱাহাটীবাসীৰ বাবে পৃথক ভূমি নীতি প্ৰণয়ৰ দাবীৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে লাষ্ট গেটত। অসম চৰকাৰৰ নতুন ভূমি নীতিত গুৱাহাটীৰ পাহাৰ, জলাশয়ৰ পাৰ, আদিৰ বসবাস কৰা লোকসকলক ভূমি প্ৰদানৰ দফা অন্তৰ্ভূক্ত কৰা আৰু গুৱাহাটীবাসীৰ বাবে এক পৃথক ভূমি নীতি প্ৰণয়ন কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰক, ৰামদেৱক নহয় আমাক ভূমি প্ৰদান কৰক আদি শ্ল’গানেৰে লাষ্ট গেটত উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উল্লেখ্য যে যোৱা ২১ অক্টোবৰ ২০১৯ তাৰিখে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা নতুন ভূমি নীতিয়ে গুৱাহাটীৰ অগণন খিলঞ্জীয়াক মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰিব বুলিও অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

গুৱাহাটীবাসীৰ বাবে পৃথক ভূমি নীতি প্ৰণয়ন কৰা, গুৱাহাটীৰ পাহাৰ জলাশয়ৰ পাৰ আদিৰ বসবাস কৰা লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবীও জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদকাৰী সকলে কয় যে অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply