গুৱাহাটী – বৃদ্ধি পাই আছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। অসমত ৰাজ্য চৰকাৰে পেট্ৰ’লৰ আৰু ডিজেলৰ কৰ হ্ৰাস কৰাৰ পিছতো বিগত তিনিদিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰ’লৰ আৰু ডিজেলৰ মূল্য।
পেট্ৰ’লৰ আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ। ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে পেট্ৰল আৰু ডিজেলৰ মূল্য। মঙলাবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য।মঙলাবাৰে প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ৮ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পালে ১৬ পইচা। দেওবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ বৃদ্ধি পাইছিল ২২ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি পাইছিল ২৮ পইচা। সোমবাৰে বৃদ্ধি পাইছিল প্ৰতি লিটাৰ পেট্ৰ’লত ৫৩ পইচা আৰু ডিজেলত ৫৭ পইচা।
ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লেখানুদান বাজেটত যোৱা শনিবাৰে পেট্ৰ’লত ৪.৮৮ টকা আৰু ডিজেলত ৪.৬৮ টকা মূল্য হ্ৰাস কৰিছিল। বিগত তিনিদিন ধৰি ধাৰাবাহিকভাৱে তৈল কোম্পানীসমূহে পেট্ৰ’লৰ আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ ফলত বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮৬.৪৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮০.৬২ টকা।