নিউজ ডেক্স:-কিমান মৰমৰ হলে এটা কুকুৰক নিজৰ উত্তৰাধিকাৰীৰ মৰ্য্যদা দিব পাৰে | কথাষাৰ আচহুৱা টেন লাগিলেও এই কথা সত্য হ’ল এইখন ভাৰততে |
মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলাৰ বাদিৱাৰা গাঁৱৰ বাসিন্দা ওম নাৰায়ণ বাৰ্মাই এই কাৰ্য কৰি বৰ্তমান চৰ্চাত | ৫০ বছৰীয়া কৃষকজনে শেহতীয়াকৈ নিজৰ ২১ একৰ ভূমি সহ সা-সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে আইনগত ভাবে পত্নীৰ লগতে তেওলোকৰ পোহনীয়া কুকুৰ জেকীৰ নামো সন্নিবৃষ্ট কৰিছে |
নিজৰ ইচ্ছাপত্ৰত ওম নাৰায়ণ বাৰ্মা নামৰ ৪৭ বছৰীয়া ব্যক্তিজনে পত্নী চম্পা বাই আৰু তেওলোকৰ ১১ মহীয়া কুকুৰ জেকীৰ নাম উত্তৰাধিকাৰী হিচাপে উল্লেখ কৰা সন্দৰ্ভত কয়, ‘ পত্নী চম্পা আৰু মোৰ লগতে থাকে জেকী থাকে আৰু আমাৰ দুয়োৰে সি যত্ন লয়। মই দুয়োকে বহুত ভাল পাও। বৰ্তমান মোৰ স্বাস্থ্যৰ অৱস্থা ভালেই আছে । কিন্তু মই শংকিত হৈছো যে মোৰ মৃত্যুৰ পিছত জেকী অৱহেলিত হ’ব। সেয়েহে মোৰ সম্পত্তিৰ কিছু অংশ জেকীক দিব বিছাৰিছোঁ, যাতে জেকী পিছলৈ যাতে কেতিয়াও অৱহেলিত নহয়, কোনোবাই তাৰ যত্ন ল’ব। মোৰ মৃত্যুৰ পিছত যিয়ে জেকীক চোৱা-চিতাৰ দায়িত্ব লব তেওঁৱেই সেই সম্পত্তি লাভ কৰিব। মোৰ বিশ্বাস মোৰ শেষ সময়লৈকে দুয়োয়ে মোৰ যত্ন লব আৰু মোৰ কাজ-কৰ্মও সমাপন কৰিব।’

বাৰ্মাই লগতে কয় যে, ‘মই সৰুৰে পৰাই কুকুৰ ভাল পাওঁ। আগৰ কুকুৰটোৰ মৃত্যু হোৱাৰ পিছত মোৰ জোঁৱাইয়ে এইটো কুকুৰ মোক দিছিল। মোৰ ইচ্ছাপত্ৰক লৈ মোৰ পুত্ৰৰ অসন্তোষ্টি আছে | সি মোৰ এই ইচ্ছাপত্ৰ খন উঠাই লবলৈ বহুবাৰ হেঁচা প্ৰয়োগ কৰিছে | তাৰ লগতে গাৱঁৰ বহুতো লোকে হেঁচা দিছিল। কিন্তু মই এই কাম মোৰ বিবেকৰ দ্বাৰাই কৰিছো সেইবাবেই ইয়াক সলনি নকৰোঁ।’
উল্লেখ্য যে গাঁওখনৰ বহু লোকে বাৰ্মাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে সমালোচনাও কৰিছে। কিন্তু নিজৰ সিদ্ধান্তত অটল ওম নাৰায়ণ বাৰ্মা | জীৱ জন্তুৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ বাবেই এই জন কৃষকে আজি এই সিদ্ধান্ত লৈছে | পোহনীয়া কুকুৰটোৰ প্ৰতি থকা স্নেহৰ বাবেই আজি তেওৰ এই সিদ্ধান্তই বহুতকেই অাকৰ্ষিত কৰিছে |