গুৱাহাটী – প্রতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলৰ কাৰ্যালয়ত চলিল আৰক্ষীৰ অভিযান। জোনালীস্থিত প্রতিবিম্ব লাইভৰ কাৰ্যালয়ত দিছপুৰ আৰক্ষী আৰু অপৰাধ নিয়ন্ত্ৰণ শাখাই যৌথ অভিযান চলায়। ৱেব পৰ্টেলটোৰ দুই সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৱেব পৰ্টেলটোৰ কার্যলায়ত আৰক্ষীৰ অভিযান।

বুধবাৰে দুপৰীয়াৰ ভাগত দিছপুৰ আৰক্ষীৰ এটা দল আৰু অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ এটা দলে প্রতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলৰ জু ৰোডৰ জোনালীস্থিত কাৰ্যালয়ত অভিযান চলায়। ৱেব পৰ্টেলটোৰ বাৰ্তা সম্পাদক আছিফ ইকবালক লগত লৈ আৰক্ষীৰ দলটোৱে প্রতিবিম্ব লাইভৰ কাৰ্যালয়ত অভিযান চলায়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ফটোক কেন্দ্ৰ কৰি ৱেব পৰ্টেলটোৱে এক বিকৃত বাতৰি প্ৰকাশ কৰিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকলৈ নিকৃত বাতৰি প্ৰকাশ কৰা নিকৃষ্ট কাণ্ডৰ পিছতে প্রতিবিম্ব লাইভ নামৰ ৱেব পৰ্টেলটোৰ পৰ্টেলৰ মুখ্য সম্পাদক তৌফিকুদ্দিন আহমেদ আৰু বাৰ্তা সম্পাদক আছিফ ইকবালক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে।

ইফালে ফেচবুকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো আপলোড কৰি বিকৃত মন্তব্য দিয়া নাং নয়নমণি গগৈ নামৰ এগৰাকী যুৱতীৰ বিরুদ্ধেও গোচৰ ৰুজু কৰিছে চাৰিজনকৈ সচেতন যুৱকে। নিহাৰেন্দ্ৰ শৰ্মা, অমৃত কুমাৰ দাস, জছপাল সিং আৰু তুলতুল ৰাও নামৰ যুৱক চাৰিজনে নাং নয়নমণি গগৈ আৰু প্রতিবিম্ব লাইভৰ বিৰুদ্ধে পৃথকে পৃথকে বহুকেইটা গোচৰ ৰুজু কৰিছে দিছপুৰ থানাত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply