নিউজ ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিৰ দায়িত্ব লোৱাৰ পূৰ্বেই দিয়া প্রতিশ্রুতি মতেই জ’ বাইডেনে পূর্বৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিতর্কিত বিদেশীসকলৰ বাবে প্ৰবৰ্তন কৰা নীতি প্ৰত্যাহাৰ কৰিলে ৷ ট্রাম্প প্রশাসনে বলৱৎ কৰিছিল এইচ–৪ ৱর্ক পার্মিট |

ট্রাম্প প্রশাসনৰ নীতি অনুসৰি এইচ–১বি ভিছাপ্রাপ্ত লোকৰ পৰিয়াল কিম্বা পত্নীয়ে আমেৰিকাত বসবাস কৰাৰ ক্ষেত্রত বিভিন্ন সমস্যাৰ মুখামুখি হোৱাটো নিশ্চিত আছিল৷ এতিয়া প্ৰত্যাহাৰ কৰাত সর্বাধিক লাভান্বিত হ’ব আমেৰিকা যুক্তৰাষ্ট্রত এইচ–১বি ভিছা লৈ কর্মসূত্রে বসবাস কৰি থকা ভাৰতীয়সকল৷ ভাৰতৰ উপৰি চীনৰ প্রবাসী লোকসকলো লাভান্বিত হ’ব ৷

উল্লেখ্য যে ২০১৭ চনত মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ কার্যকালত বলৱৎ থকা ইমিগ্রেচন নীতিক দায়িত্ব লৈয়ে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সালসলনি ঘটাইছিল ৷ এইচ–৪ ৱর্ক পার্মিট লৈ কর্মৰত লোকসকলক হেঁচা প্রয়োগ কৰা হৈছিল ৷ ট্রাম্পৰ কার্যকালত এনে হেঁচাৰ বাবে প্রবাসী ভাৰতীয়সকল সংকটত পৰিছিল ৷ এই বিষয় লৈ দুয়োখন দেশৰ মাজত আলোচনাও হৈছিল |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply