নিউজ ডেস্কঃ অহা ৫জুনত অৰ্থাৎ কালিলৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত তথা সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত এক প্লাষ্টিক মুক্ত পৰিৱেশ সৃষ্টিৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দ্যেশে “প্লাষ্টিক এৰো পৃথিবী গঢ়ো” শীৰ্ষক এখনি বাটৰ নাট আয়োজন কৰা হৈছে। আটাইকেইখন জিলাতে এই নাটখন উক্ত দিনা পৰিৱেশন কৰা হ’ব।
আজি ৰবীন্দ্ৰ ভৱনৰ প্ৰাংগনত এই বাটৰ নাট খনি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই উপভোগ কৰাৰ লগতে নাট খনিৰ অভিনয় শিল্পী সকলৰেও মত বিনিময় কৰে। তদুপৰি, উক্ত অনুষ্ঠানৰ সম্পৰ্কত সাংবাদিকসকলৰ উপস্থিতিত মন্ত্ৰী গৰাকীয়ে সংবাদমেল সম্বোধন কৰে।
মন্ত্ৰী বড়াই কয়, মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে বিশ্ব পৰিৱেশ দিৱসৰ মূল লক্ষ্য। পৰিৱেশৰ -অনুকূল ইতিবাচক কাম-কাজৰ জৰিয়তে আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যে তেওঁৰ পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়- সেই ধৰণৰ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো এই দিৱসৰ অন্যতম লক্ষ্য।
আটাইকেইখন জিলাতেই নাটখন পৰিৱেশন কৰিবলগীয়া স্থান সমূহ ক্ৰমে –
কামৰূপ মহানগৰ –
দৌলগোবিন্দ মন্দিৰৰ সমীপ (পুৱা ১১-০০বজা ),
ফাৰ্চী বজাৰ (পুৱা ১০-৩০ বজা),
গণেশগুৰি বজাৰ (দিনৰ ১২-৩০বজা ),
নাৰেংগী (দিনৰ ৩-০০বজা )
কামৰূপ –
পলাশবাৰী পৌৰসভা অফিচ ( ১০-৩০বজা )
ৰঙিয়া থানাৰ সমীপ (দিনৰ ১০-৩০বজা )
নলবাৰী-
নলবাৰী নাট্য মন্দিৰ (দিনৰ ১১-০০ বজা),
টিহু বজাৰ চ’ক (দিনৰ ২-০০ বজা)
বৰপেটা –
সৰ্থেবাৰী বজাৰ (পুৱা ৯-০০ বজা),
ছাউনী চাৰি আলি (পুৱা ১০-০০ বজা),
বৰপেটা পাঁচ আলি চ’ক (দিনৰ ১১-০০ বজা), পাঠশালা হৰিমন্দিৰ সম্মুখ (দিনৰ ১২-৩০ বজা),
পাটাচাৰকুচি আই. বি. ৰ সম্মুখ (দিনৰ ১-৫০ বজা) বৰপেটাৰোড আমতল (দিনৰ ২-০০ বজা)
সৰভোগ বাছ ষ্টেণ্ড (দিনৰ ৩-৩০ বজা)
দৰং –
ভেৰাঘাট বাছ ষ্টেণ্ড (পুৱা ৮-০০ বজা),
খাৰুপেটীয়া দৈনিক বজাৰ ( দিনৰ ১:০০ বজা), ছিপাঝাৰ বাছ ষ্টেণ্ড (বিয়লি ৪-০০ বজা)
ধুবুৰী –
ধুবুৰী ২ নং পুলিচ পইন্ট (পুৱা ১০-০০ বজা), গৌৰীপুৰৰ এচ. বি. আই অফিচৰ সন্মুখ (পুৱা ১০-০০ বজা)
বিলাসীপাৰাৰ বজাৰ বাছ ষ্টেণ্ড সমীপ (দিনৰ ২-০০ বজা)
চাপৰৰ পুৰণা চিনেমা হলৰ সমীপ (দিনৰ ২-০০ বজা), শপতগ্ৰামৰ টাউন বজাৰ (বিয়লি ৪-৩০ বজা) গোলকগঞ্জাৰ বজাৰ এ.টি.এম ৰ সমীপ (বিয়লি ৪-০০ বজা
গোৱালপাৰা –
গোৱালপাৰা টাউন নতুন বজাৰ (পুৱা ১০-০০ বজা), লক্ষীপুৰ টাউন বজাৰ ( দিনৰ ২-০০ বজা)
বঙাইগাঁও
বৰপাৰা বাছ ষ্টেও (দিনৰ ১১-০০ বজা),
অভয়াপুৰী বজাৰ অঞ্চল (দিনৰ ১১-০০ বজা)
মৰিগাঁও-
মৰিগাঁও সদৰ বিহুতলি প্ৰাংগন (পুৱা ১০-৩০ বজা)
নগাঁও –
মৰিগাঁও বাছ ষ্টেণ্ড (পুৱা ৯-৩০ বজা),
ৰহা চক্ৰ বিষয়া অফিচৰ সমীপ (দিনৰ ১-৩০ বজা), কামপুৰ বজাৰ অঞ্চল (দিনৰ ৩-৩০ বজা )
শোণিতপুৰ
তেজপুৰ টাউন বজাৰ (পুৱা ১-৩০ বজা),
গহপুৰ টাউন (পুৱা ১০-৩০ বজা),
বিশ্বনাথ চাৰিআলি (পুৱা ১০-৩০ বজা)
ঢেকিয়াজুলি টাউন (পুৱা ১০-৩০বজা)
ৰঙাপাৰা টাউন চাৰিআলি (দিনৰ ১২-০০ বজা)
চতিয়া টাউন (দিন ১-০০ )
জামুগুৰিহাট বজাৰ চ’ক (দিনৰ ৩:৩০ বজা)
গোলাঘাট-
গোলাঘাট মেইন বজাৰ (পুৱা ৯-০০ বজা),
বোকাখাট বজাৰ অঞ্চল (পুৱা ৯-০০ বজা),
দেৰগাঁও বজাৰ অঞ্চল (দিনৰ ১১-০০ বজা), সৰুপথাৰ বজাৰ অঞ্চল (দিনৰ ১১-০০ বজা),
বৰপথাৰ বজাৰ অঞ্চল (দিনৰ ৰ ১-০০ বজা)
যোৰহাট –
বৰুৱা চাৰিআলি (পুৱা ১০-০০ বজা),
মৰিয়ানী দৈনিক বজাৰ (দিনৰ ১-০০ বজা),
টিয়ক বৰা বজাৰ সমীপ (দিনৰ ৩-০০ বজা)
শিৱসাগৰ –
আমগুৰি টাউনৰ ৰেল ষ্টেচনৰ সমীপ (পুৱা ১০-০০ বজা),
দৌলমুখ চাৰিআলি (দিনৰ ১২-০০ বজা)
দিমৌ কলেজ চাৰিআলি (দিনৰ ৩-০০বজা)
চৰাইদেউ –
সদৰ সোণাৰী দৈনিক বজাৰ (পুৱা ১০-০০ বজা), মৰাণ তিনিআলি ডিব্ৰুগড় ৰোড (দিনৰ ১২-০০ বজা)
লক্ষীমপুৰ-
ত্যাগক্ষেত্র দৈনিক বজাৰৰ সমীপ (পুৱা ১-০০ বজা), নাৰায়ণপুৰ দৈনিক বজাৰ (পুৱা ৯-০০ বজা), বিহপুৰীয়া থানা সমীপ (পুৱা ১০-৩০ বজা),
ঢকুৱাখনা চাৰিআলি (দিনৰ ১১-০০ বজা)
ডিব্ৰুগড়-
নাহৰকটীয়াৰ পুৰণা চক্ৰ বিষয়া সমীপ (পুৱা ৮-৩০ বজা),
সোণাৰী তিনিআলি (পুৱা ১০-৩০ বজা),
ৰাজগড় নতুন শ্বহীদ বেদীৰ সমীপ (দিনৰ ১২-০০ বজা),
চাবুৱা বজাৰ (দিনৰ ২-৩০ বজা),
ডিব্ৰুগড় নতুন বজাৰ (বিয়লি ৪-৩০ বজা)
তিনিচুকীয়া
মাকুমৰ শংকৰদেৱ শিশু নিকেতনৰ সমীপ (দিনৰ ১১-০০ বজা),
ডিগবৈ বজাৰ চৌহদ (দিনৰ ১১-০০)
ডুমডুমাৰ গান্ধী প্ৰতিমূৰ্ত্তিৰ সমীপ(দিনৰ ১-০০ বজা),
গেলাপুখুৰী ৰোডৰ সমৰ জ্যোতি বিদ্যালয়ৰ সন্মুখ (দিনৰ ১-৩০ বজা),
মাৰ্ঘেৰিটাৰ চেগুন বাৰীৰ সমীপ (দিনৰ ২-০০ বজা)
হাইলাকান্দি-
আৰক্ষী চাউনীৰ সন্মুখ (পুৱা ১০-৩০ বজা),
লালা পাকৰ সমীপ (দিনৰ ১২-১৫ বজা)
কাছাৰ –
শিলচৰ জিলা আদালতৰ সমীপ (পুৱা ১০-০০ বজা), লক্ষীপুৰ বাছষ্টে (দিনৰ ১-০০ বজা),
সোনাই বজাৰ (বিয়লি ৪-০০ বজা )
কৰিমগঞ্জ-
কৰিমগঞ্জ গান্ধী প্রতিমূৰ্ত্তিৰ সমীপ (দিন ১২-৩০ বজা), বদৰপুৰৰ হনুমান মন্দিৰ ষ্টেচন ৰোড (দিন ২-০০বজা)
ধেমাজি-
নলিনী পাম দৈনিক বজাৰ (পুৰা ১১-০০ বজা), চিলাপথাৰ এ. এ. টি. চি. ৰ সমীপ (দিনৰ ১১-০০ বজা)
দক্ষিণ শালমৰা মানকাচাৰ-
হাটশিঙিমাৰি ছুপাৰ মাৰ্কেট সমীপ (দিনৰ ১১-০০ বজা)
উপায়ুক্ত কাৰ্যালয়ৰ সমীপ (দিনৰ ১২-৩০ বজা)
মাজুলী-
কমলাবাৰী (পুৱা ১০-০০ বজা)
বালিচাপৰি (দিনৰ ১-০০ বজা),
নয়াবজাৰ (বিয়লি ৪-৩০ বজা)
কাৰ্বি আংলং –
ডিফু বজাৰ (পুৱা ৯-০০ বজা),
বোকাজান (দিনৰ ১১-০০ বজা),
হাউৰাঘাট (দিনৰ ২-০০ বজা)
ডকমকা( দিনৰ ২-বজা)
লাংহিন (বিয়লি ৪-৩০ বজা),
বকলিয়া (বিয়লি ৫-৩০ বজা)
পশ্চিম কাৰ্বি আংলং-
বৈঠালাংছু বজাৰ (পুৱা ১০-০০ বজা)
হামৰেণ নতুন বজাৰ (দিনৰ ১২-৩০ বজা)
দনকামুকাম চাৰিআলি (বিয়লি ৪-০০ বজা)
ডিমা হাচাও-
হাফলং বজাৰ অঞ্চল (পুৱা ১০-৩০ বজা)
মাহুৰ বজাৰ অঞ্চল (দিনৰ ২-০০বজা)
বাক্সা-
গোৰেশ্বৰ মহাবিদ্যালয় গেট (পুৱা ৯-৩০ বজা)
তামুলপুৰ সাপ্তাহিক বজাৰ( দিনৰ ১১-৩০ বজা)
ওদালগুৰি-
ওদালগুৰি ৰেল ষ্টেচন গেট (পুৱা ৯-০০ বজা),
টংলা এ. এছ টি. চি. বাছ ষ্টেণ্ড (দিনৰ ২-০০বজা)
চিৰাং –
মহকুমাধিপতি কাৰ্যালয় সন্মুখ (পুৱা ১০-৩০ বজা) কাজল গাঁও বজাৰ অঞ্চল (দিনৰ ১-০০ বজা),
কালী মন্দিৰৰ সমীপৰ বজাৰ অঞ্চল (দিনৰ ২-৩০বজা)
কোকৰাঝাৰ –
আৰক্ষী থানা সমীপ (পুৱা ৯-৩০বজা ),
ফকিৰাগ্রাম টাউন (দিনৰ ১১-৩০ বজা),
গোসাইগাঁও টাউন বজাৰ ( বিয়লি ৪-০০ বজা)
লগতে পঢ়ক – অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি কংগ্ৰেছক ৰোধ কৰিব লাগিব – অতুল বৰা