যোৰহাট – যোৰহাটত কেইবাটাও দল সংগঠনৰ প্ৰতিবাদ। প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি দল-সংগঠনৰ প্ৰতিবাদ। যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।
মঙলাবাৰে নিশা যোৰহাটস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে যোৰহাট। বুধবাৰে পুৱাৰ ভাগত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে কেইবাটাও দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
যোৰহাট জিলা ই মিডিয়া, যোৰহাট জিলা সদৌ অসম ছাত্ৰ সন্থা আৰু যোৰহাট জিলা সাংবাদিক সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিদিন টাইমৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাৰ লগত জড়িত ব্যক্তি সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে।
উল্লেখ্য যে, মঙলাবাৰে নিশা দুৰ্বৃত্তই যোৰহাটত থকা পাতিদিন টাইমৰ কাৰ্যালয়ত আক্ৰমণ চলাইছিল। ঘটনাৰ লগত জড়িত তিনিজনকৈ দুৰ্বৃত্তক ইতিমধ্যে আটক কৰা হৈছে যদিও কেইবাজনো পলায়ন কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীযে আটক কৰা তিনি দুৰ্বৃত্ত কোনো কাৰণতে যাতে সাৰি যাব নোৱাৰে সেইয়া নিশ্চিত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে।