নিউজ ডেক্স:- দিল্লীত হাড়কঁপোৱা জাৰৰ মাজতো প্ৰতিবাদ অব্যাহত ৰখা কৃষক সকলৰ প্ৰতিনিধিয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ সৈতে সপ্তম লানী আলোচনাতো কোনো সমাধান সুত্ৰ নোলাল | তিনি খন আইনক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহা কৃষকে নূন্যতম সমৰ্থন মূল্যৰ সন্দৰ্ভত আইনগত সিদ্ধান্তৰ দাবী জনাই আহিছে | আলোচনাৰ অন্তত ভাৰতীয় কৃষাণ সংঘৰ ৰাকেশ টিকায়েটে কয়, আইন উঠাই নোলোৱালৈকে ঘৰলৈ উভতি যোৱা ন’হব | পুনৰ আলোচনাৰ বাবে ৮ জানুৱাৰীৰ দিন ধাৰ্য কৰিছে |
শেহতীয়াকৈ ৰাজধানী চহৰখনৰ বিভিন্ন স্থানত বৃষ্টিপাতে স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰা সময়ত প্ৰতিবাদী কৃষক সকলৰ অবস্থাও দূৰ্বিসহ কৰি তুলিছে | ৰাজধানী চহৰখনৰ সীমান্তত তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত ৪০ দিন ধৰি প্রতিবাদ সাব্যস্ত ৰখা কৃষকসকল এই প্রতিকূল পৰিস্থিতিৰ মাজতো নিজৰ স্থিতিত অটল হৈ আছে৷ প্রতিবাদী কৃষকসকলে গভীৰ সংকটত পথৰ দাঁতিত তম্বু টানি প্রতিবাদ কৰি থকা অৱস্থাত বৃষ্টিপাতৰ সন্মুখীন হৈছে যদিও আন্দোলন চলাই যোৱাৰ সংকল্প গ্রহণ কৰিছে৷
উল্লেখনীয় যে দিল্লী তথা ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত কেইবাঘণ্টা ধৰি বৃষ্টিপাত অব্যাহত থাকে৷ গাজিপুৰ সীমান্তত প্রতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ মাজত বৃষ্টিপাতে ভীষণ সমস্যাৰ সৃষ্টি কৰে৷ মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ কৃষকসকল এই বৃষ্টিপাতৰ সময়ত অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
কৃষি আইন বিৰোধী আন্দোলনক লৈ দেওবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে মুখ খুলিছে | কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে কয় ”স্বাধীনতাৰ পিছত দেশত প্ৰথমবাৰৰ বাবে অহংকাৰী চৰকাৰ ক্ষমতালৈ আহিছে ।যিয়ে অন্নদাঁতাৰ দুখ দেখা নাপায়। লগতে তেওঁ নতুন কৃষি আইন বিনাচৰ্তে উঠাই লোৱাৰ দাবী কৰে”।