নিউজ ডেস্ক: কৃষি আইনৰ বিৰোধিতা কৰি গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে । উল্লেখ্য যে, বহু নিয়মৰ সৈতে কৃষক সকলে ট্ৰেক্টৰ ৰেলী কৰাৰ অনুমতি লাভ কৰিছে। ইয়াৰ বাবে তিনিটা পথ ঠিক কৰিছে দিল্লী আৰক্ষীয়ে |

ইতিমধ্যে ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত আৰক্ষী আৰু কৃষকৰ মাজত আলোচনা সম্পূৰ্ণ গণতন্ত্ৰ দিৱসৰ হৈছে।উল্লেখ্য যে, ট্ৰেক্টৰ ৰেলীৰ লগতে কৃষক সকলে পদযাত্ৰা কৰিও প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষী ইতিমধ্যে এই সন্দৰ্ভত সষ্টম হৈছে। বিভিন্ন গাইডলাইন জাৰি কৰিছে কৃষক সকলৰ ট্ৰেক্টৰ ৰেলীক লৈ। দিল্লী আৰক্ষীয়ে সন্দেহ কৰিছে যে কৃষক সকলৰ ট্ৰেক্টৰ ৰেলীত সমস্যা অনাৰ ষড়যন্ত্ৰ কৰি থকা হৈছে আৰু ইয়াৰ ব্লু প্ৰিন্ট পাকিস্তানত তৈয়াৰ হৈছে। সেইবাবে আৰক্ষীয়ে ড্ৰ’ণৰ সহায়ত কৃষক ৰেলীৰ ওপৰত নজৰ ৰাখিব।

কৃষকৰ প্ৰতিবাদে এতিয়া মুম্বাইৰ আজাদ মৈদামতো ভিৰ কৰিছে | ২১ খন জিলা ৬০০০ হাজাৰ কৃষকে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে |

মুম্বাইৰ আজাদ মৈদামত কৃষকৰ ভিৰ

ইয়াৰ বিপৰীতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং নেতৃত্বাধীন চৰকাৰে কৃষক আন্দোলনত প্ৰাণ হেৰুওৱা ৭৬ গৰাকী কৃষকৰ পৰিয়াললৈ ৫ লাখ কৈ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২০চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সিংঘু সীমান্তত আৰম্ভ কৰা কৃষক আন্দোলত অংশ লৈয়ে প্ৰাণ হেৰুৱাইছিল ৭৬ গৰাকী কৃষকে।

মুখ্যমন্ত্ৰী সাহায্য নিধিৰ ফালৰ পৰা এই ধনৰাশি দিয়া হব কেউগৰাকী মৃত কৃষকৰ পৰিয়াললৈ। আস্ক দা কেপ্টেইন নামৰ এক অনুষ্ঠানৰ জৰিয়তে এই কথা নিজেই সদৰি কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply