গুৱাহাটী– প্ৰত্যক্ষ ৰাজনীতিলৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। অহা ১৬ বা ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। শিৱসাগৰত দুদিনীয়াকৈ হ’ব লগা অসম জাতীয় পৰিষদৰ জাতীয় অভিৱৰ্তনে যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে ।
আজি এক সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয়-“অসমৰ প্ৰতিগৰাকী জনগণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই ক’ব খুজিছোঁ যে মই অসম জাতীয় পৰিষদত যোগদান কৰিম। আহি থাকিবলগীয়া দিনসমূহত অসমৰ সমাজ জীৱনক আগুৱাই লৈ যাবলৈ আমি একত্ৰিতভাৱে প্ৰয়াস কৰিব লাগিব।আহিবলগীয়া যাত্ৰা জাতীয় জীৱনৰ এক নতুন যাত্ৰা হব। এই যাত্ৰা মোৰ ব্যক্তিগত যাত্ৰা নহয়। ৰাইজৰ বাবে কিবা এটা কৰাৰ সংকল্প লৈ আগবাঢ়িছো |”