চিআৰপিএফৰ কোব্ৰা ৰেজিমেন্টত অন্তৰ্ভুক্ত মহিলা কামাণ্ডো

নিউজ ডেস্ক- প্ৰথমবাৰলৈ চিআৰপিএফৰ কোব্ৰা ৰেজিমেন্টত অন্তৰ্ভুক্ত কৰা হৈছে মহিলা কামাণ্ডো। শনিবাৰে চি আৰ পি এফৰ ৮৮ নং বেটেলিয়নৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চৰ নক্সাল কোব্ৰা ইউনিটত ৩৪ গৰাকী মহিলা কমাণ্ডোৰ এটা দলক অন্তৰ্ভুক্ত কৰা হয়।

এই মহিলা কমাণ্ডোসকলক কঠোৰ প্ৰশিক্ষণ দিয়া হৈছে। এই দলটো নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযানত নামিব। সেইবাবে নক্সাল উগ্ৰপন্থীৰ প্ৰভাৱিত ৰাজ্যবোৰত মহিলা কমাণ্ডোৰ দলটোক মোতায়েন কৰা হ’ব।

চিআৰপিএফৰ সঞ্চালক এ পি মহেশ্বৰীয়ে কয়, ”এই শক্তিশালী মহিলা যোদ্ধাসকলৰ নাম ইতিহাসতো অন্তৰ্ভুক্ত হৈ আছে যিয়ে কেৱল শক্তিৰ বাবেই সুনাম কঢ়িয়াই আনিছে তেনে নহয়, তেওঁলোকে বিশ্বৰ শান্তিৰক্ষা অভিযানত বিদেশত সাহসীকতাৰ দ্বাৰা দেশক গৌৰৱান্বিত কৰিছে।”

উল্লেখ্য় যে ১৯৮৬ চনৰ ৬ ফেব্ৰুৱাৰীত দিল্লীত ,চি আৰ পি এফৰ ৮৮ নং প্ৰথম বেটেলিয়ন প্ৰতিষ্ঠা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply