সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ এক সংবাদ মেল

শিৱসাগৰ: প্ৰস্তাবিত ২৩ জানুৱাৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ বিৰোধিতা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ। ইয়াৰ বাবে ২২ জানুৱাৰীত শিৱসাগৰ জিলা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে । আনহাতে ২৩ জানুৱাৰীতো ক’লা দিন পালন কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে। শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত সংগঠনটোৰ কৰ্মকৰ্তা সকলে মোদীক প্ৰতাৰক আখ্যা দিয়াৰ লগতে নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে পুনৰ কেৱল প্ৰলোভন দিবলৈ ঐতিহাসিক জেৰেঙা পথাৰত ভৰি থোৱাতো সহ্য নকৰো বুলি স্পষ্ট কৰি দিয়ে।

সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিজয়কৃষ্ণ দুৱৰা আৰু সাধাৰণ সম্পাদক ৰাজেশ দাসে সংবাদমেলত কয় , “২৩ জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ জিলা ভ্ৰমণক আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছো। ইতিমধ্যে অসমবাসীৰ অৱগত যে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ শ্লোগানেৰে দিছপুৰৰ ৰাজপাট দখল কৰিলে। সেই সময়ত মোদী ডাঙৰীয়াই অসমক বিদেশীমুক্ত কৰা, নিৱনুৱা সমস্যা সমাধান কৰা, বাংলাদেশক এক ইঞ্চি ভূমিও এৰি নিদিও বুলি কোৱা ইত্যাদি বহু মিথ্যা শ্লোগানেৰে পৰিবৰ্তনৰ সপোন দেখুৱাই পৰৱৰ্তী সময়ত অসমৰ সকলো সম্পদ এপদ এপদকৈ বিক্ৰী কৰি অৱশেষত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰি তেওঁৰ নেতৃত্বতেই উক্ত বিধেয়ক আইনলৈ ৰূপান্তৰিত কৰি খিলঞ্জীয়া মানুহৰ জাতিসত্বাটোক নি:শেষ কৰাৰ পৰিকল্পনা কৰিলে।”

সংবাদমেলত সংগঠনটোৰ নেতৃত্বই কয়, পুনৰবাৰ ২০২১ ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰলোভন দেখুৱাবৰ বাবেই তেনে এগৰাকী প্ৰধানমন্ত্ৰী ঐতিহাসিক জেৰেঙা পথাৰত পদাৰ্পন কৰাটো আমি নিবিচাৰো।”

উল্লেখ্য যে এক চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ প্ৰধানমন্ত্ৰী মোদী এদিনীয়া ভ্ৰমণসূচীৰে ২৩ জানুৱাৰীত অসম ভ্ৰমণলৈ অহাৰ কথা। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভূমিহীনক বিতৰণ কৰিব ১ লাখ মাটিৰ পট্টা I ৰাজ্যচৰকাৰে এতিয়ালৈকে ক’ত অনুষ্ঠানটোৰ আয়োজন কৰিছে সেই তথ্য প্ৰকাশ কৰা নাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply