প্ৰধানমন্ত্ৰী ভ্ৰমনৰ আয়োজন প্ৰস্তুতিৰ সম্পৰ্কে বুজ লৈছে মুখ্যমন্ত্ৰীয়ে

শিৱসাগৰ- অহা ২৩ জানুৱাৰীত শিৱসাগৰ ভ্ৰমণলৈ আহিব লগা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমনক লৈ দিন ৰাতি একেকাৰ কৰিছে ৰাজ্য চৰকাৰে । ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন জনসভা সম্বোধন কৰিব। জয়মতী স্মৃতি বিজড়িত পথাৰখনত প্ৰধানমন্ত্ৰীৰ বাবে নিৰ্মাণ কৰি থকা হৈছে তিনিখন হেলিপেড। আন এখন হেলিপেড নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাবে। নিৰ্মাণ কৰা হৈছে বিশাল মঞ্চ, মণ্ডপ। মঙলবাৰে জেৰেঙা পথাৰ পৰিদৰ্শন কৰি আয়োজনৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

প্ৰধানমন্ত্ৰী ভ্ৰমনৰ প্ৰস্তুতিৰ

ৰাজ্যৰ এক লাখ লোকক প্ৰধানমন্ত্ৰীগৰাকীয়ে মাটিৰ পট্টা প্ৰদানৰ শুভাৰম্ভ কৰিব। বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত আহি উপস্থিত হ’বলগা প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ উঠি–পৰি লাগিছে ৰাজ্য চৰকাৰ। সম্প্ৰতি তিনিখন জিলাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া–কৰ্মচাৰীসকলে দিনে নিশাই ব্যস্ত হৈছে। প্ৰস্তুতিৰ তদাৰক কৰিছে যোৰহাট লোকসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী, নৱনিতা সন্দিকৈয়ে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বিৰোধ কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে |

ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ব্যস্ত থকা ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়, “প্ৰধানমন্ত্ৰীৰ সভালৈ আহিবৰ বাবে বহু লোকে অপেক্ষা কৰি আছে। চৰকাৰীভাৱে আমি বেছি লোকৰ বাবে যাতায়াতৰ ব্যৱস্থা কৰি দিব নোৱাৰো। সেয়েহে ৰাইজে নিজে গাড়ী ভাড়া কৰি হ’লেও এই সভালৈ আহিব। বিজেপিৰ মণ্ডল আৰু বুথ কমিটীসমূহৰ পৰা ইতিমধ্যে গাড়ী ভাড়া কৰা হৈছে। গাড়ী উপলব্ধ হোৱা হ’লে আমাৰ লক্ষ্য আছিল দহ লাখ লোক। কিন্তু এতিয়া ২–৩ লাখ লোকৰ আগমন ঘটিব সভালৈ।”।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply