নিউজ ডেক্স: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো বিকৃত কৰি ফেচবুকত আপলোড কৰাৰ অপৰাধত আৰক্ষীৰ ৰোষত পৰিছে এগৰাকী শিক্ষক। এই কাম কৰা শিক্ষকগৰাকী হ’ল কাছাৰৰ তমোজিত শ্বাহা। ৰামানোজ গুপ্তা জুনিয়ৰ কলেজৰ বাংলা বিভাগৰ শিক্ষক শ্বাহাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে, শিলচৰ চহৰৰ পাব্লিক স্কুল ৰোডৰ বাসিন্দা তমোজিত শ্বাহা। শিক্ষকগৰাকীৰ বিৰুদ্ধে হাৰিয়ানাৰ ৰাজনীতিক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ‘বিকৃত’ তথ্য বিয়পোৱাৰ অভিযোগ কৰিছে স্নেহাংশু ভট্টাচাৰ্য নামৰ লোক এজনে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু হাৰিয়ানাৰ কেইবাগৰাকী ৰাজনীতিবিদৰ ফটোত জোতা ওলমাই বিকৃত ফটো প্ৰকাশ কৰাৰ অভিযোগ উঠিছে শিক্ষকগৰাকীৰ বিৰুদ্ধে। ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪ আৰু ৫০১ নম্বৰ ধাৰাত আৰু আইটি এক্টৰ ৬৭ নম্বৰ ধাৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।