নিউজ ডেস্ক: প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মাজুলীৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব । পোনপটীয়া পথ যোগাযোগ ব্যৱস্থাৰে শীঘ্ৰে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশৰ সৈতে মাজুলীক সংযোজিত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। ৰাজ্যত পথ-যোগাযোগ আন্তঃগাঠনিৰ আমূল পৰিবৰ্তন সাধনৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা ৫০০০ কোটি টকীয়া ‘অসম মালা’ কাৰ্যসূচীৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপাদান হিচাপে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰে মাজুলীক সংযোগ কৰাকৈ সোৱণশিৰিৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হ’ব ১.৪ কিলোমিটাৰ দৈৰ্ঘৰ এখন বৃহৎ পকী দলং।
৭ ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰে গুৰুত্বপূৰ্ণ পথ-যোগাযোগৰ উন্নয়নমূলক কাৰ্যসূচী ‘অসম মালা’ৰ কাৰ্য ৰূপায়ণ প্ৰক্ৰিয়া আনুষ্ঠানিক শুভাৰম্ভ কৰিব | ইয়াৰ পাছতে ৰাজ্যৰ লোকনিৰ্মাণ(পথ) বিভাগে মাজুলী-বিহপুৰীয়া সংযোগী এই দলংখনৰ নিৰ্মাণ কাৰ্য চলিত মাহৰ পৰাই আৰম্ভ কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে। সূচীমতে আগন্তুক তিনি বছৰৰ ভিতৰতে সম্পূৰ্ণ হ’ব লগা এই দলং নিৰ্মাণৰ বাবে ইতিমধ্যে লোকনিৰ্মাণ (পথ) বিভাগে বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰি উলিয়াইছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজা সমষ্টি মাজুলীৰ ক্ষেত্ৰত লোৱা বিশেষ আঁচনিৰ অধীনত নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰ জিলাৰ বিহপুৰীয়া সংযোগী সোৱণশিৰিৰ ধূনাগুৰি দলং তথা পথ নিৰ্মাণ প্ৰকল্প ক্ষীপ্ৰতাৰে ৰূপায়ণৰ উদ্যোগ লৈছে ৰাজ্যৰ লোকনিৰ্মাণ (পথ) বিভাগে।