সোণাৰি- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমনৰ সময়তে আছুৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে | সোণাৰিত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল, EIA বিল প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ লগতে অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত আছুৰ এই প্ৰতিবাদ।
সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত মুখত ক’লা কাপোৰ বান্ধি অৱস্থান ধৰ্মঘটৰ জৰিয়তে বিক্ষোভ শতাধিক ছাত্ৰ কৰ্মীৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি সাব্যস্ত বিক্ষোভ কাৰ্যসূচী। আনহাতে সাপেখাতীত বিজেপি কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে |
সাপেখাতীত এজেৱাইচিপি আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ । সংগঠন দুটাৰ সাপেখাতি আঞ্চলিক সমিতিয়ে বিজেপি কাৰ্যালয়ৰ সন্মুখত ক’লা কাপোৰ উৰুৱাই সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আগমনৰ বিৰোধিতা কৰি সাপেখাতীস্থিত বিজেপি কাৰ্য্যালয়ৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদৰ সময়ত বিজেপি বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷